ইৰানৰ ইছলামিক ৰেভ’লিউচনেৰী গাৰ্ড ক’ৰৰ (IRGC) নৌসেনাই শনিবাৰে দাবী কৰে যে ২০ লাখ বেৰেলতকৈ অধিক খাৰুৱা তেল কঢ়িয়াই নিয়া এখন ছুপাৰটেংকাৰ হৰমুজ প্ৰণালী পাৰ হোৱাৰ সময়ত নৌ-মাইনত খুন্দা খাই ভয়ংকৰ বিস্ফোৰণৰ সন্মুখীন হয় আৰু জুইত আগুৰি ধৰে।
IRGCৰ চৰকাৰী সংবাদ মাধ্যম ‘ছেপাহ নিউজ’ত প্ৰকাশিত বিবৃতি অনুসৰি, জাহাজখনে ইৰানৰ নিয়ম উলংঘা কৰি অনুমোদনহীন পথেৰে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ এই জলপথ পাৰ হ’বলৈ চেষ্টা কৰিছিল। ইৰানৰ চৰকাৰী সংবাদ মাধ্যম ‘প্ৰেছ টিভি’ৰ বাতৰি অনুসৰি, জাহাজখনে ইৰানৰ সামুদ্ৰিক কৰ্তৃপক্ষৰ চকুত ধূলি দিবলৈ ইচ্ছাকৃতভাৱে জিপিএছ আৰু ৰাডাৰ ব্যৱস্থা বন্ধ কৰি ৰাখিছিল বুলি IRGCয়ে অভিযোগ কৰিছে। অৱশ্যে, এই ঘটনাৰ প্ৰকৃত পৰিস্থিতি সম্পৰ্কে স্বাধীনভাৱে কোনো নিশ্চিত তথ্য লাভ কৰা হোৱা নাই।
হৰমুজ প্ৰণালীক লৈ ইৰান আৰু পশ্চিমীয়া শক্তিসমূহৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই ঘটনাৰ খবৰ পোহৰলৈ আহিছে। কৌশলগতভাৱে গুৰুত্বপূৰ্ণ এই জলপথেৰে জাহাজৰ চলাচল নিয়ন্ত্ৰণ কৰিবলৈ তেহৰানে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।
IRGCয়ে ইৰানৰ সামুদ্ৰিক নিয়ম উলংঘা কৰি প্ৰণালী পাৰ হ’বলৈ চেষ্টা নকৰিবলৈ জাহাজসমূহক সকীয়াই দিছে। বাহিনীটোৰ দাবী, ইৰানৰ সাৰ্বভৌম সিদ্ধান্ত আৰু সামুদ্ৰিক নিয়ম অনুসৰি হৰমুজ প্ৰণালী বন্ধ হৈ আছে।
এটা বিবৃতিত IRGCয়ে সকীয়াই দিয়ে যে নিষেধাজ্ঞা উলংঘা কৰা জাহাজসমূহে কঠোৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব। লগতে আমেৰিকাৰ প্ৰতাৰণা আৰু উচটনিৰ ফলত এনে প্ৰচেষ্টা চলোৱা হৈছে বুলিও অভিযোগ কৰে বাহিনীটোৱে।
মঙলবাৰে ইৰানৰ চৰকাৰী দূৰদৰ্শন IRIBক দিয়া সাক্ষাৎকাৰত IRGCৰ নৌসেনাৰ কমাণ্ডাৰ আলী আজমাইয়ে কয় যে তেওঁৰ বাহিনীয়ে পাৰস্য উপসাগৰ আৰু হৰমুজ প্ৰণালীত দিনে-নিশাই নিৰীক্ষণ চলাই আছে। আনহাতে, ওমান উপসাগৰৰ নিৰাপত্তাৰ দায়িত্ব ইৰানৰ নিয়মীয়া নৌসেনাৰ হাতত আছে।
আমেৰিকাৰ প্ৰতাৰণা বা উচটনিৰ ফলত সামুদ্ৰিক নিয়ম উলংঘা কৰা জাহাজসমূহৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সকীয়াই দিয়ে।
ইৰান, আমেৰিকা আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতে আঞ্চলিক সামুদ্ৰিক যাতায়াতত ব্যাঘাত জন্মোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়া সপ্তাহকেইটাত হৰমুজ প্ৰণালীৰ আশে-পাশে বাণিজ্যিক জাহাজৰ নিৰাপত্তাক লৈ উদ্বেগ বৃদ্ধি পাইছে।
২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছৰে পৰা তেহৰানে হৰমুজ প্ৰণালীৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ অধিক কঠোৰ কৰিছে। ৱাশ্বিংটনৰ ওপৰত চাপ সৃষ্টি কৰাৰ কৌশল হিচাপে জলপথটোৰে সামুদ্ৰিক যাতায়াতত বাধা আৰোপ কৰিছে ইৰানে।
সংঘাত আৰম্ভ হোৱাৰ পূৰ্বে বিশ্বৰ মুঠ খাৰুৱা তেল আৰু তৰলীকৃত প্ৰাকৃতিক গেছৰ (LNG) বাণিজ্যৰ প্ৰায় এক-পঞ্চমাংশ হৰমুজ প্ৰণালীৰে সম্পন্ন হৈছিল। সেয়েহে এই জলপথত দীৰ্ঘদিন ধৰি ব্যাঘাত অব্যাহত থাকিলে বিশ্বৰ শক্তি যোগান আৰু আন্তঃৰাষ্ট্ৰীয় জাহাজ পৰিবহণ ব্যৱস্থাৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰাৰ আশংকা আছে।
আমেৰিকাৰ ওপৰত চাপ অব্যাহত ৰাখিবলৈ ইৰানে এই জলপথ পাৰ হ’বলৈ চেষ্টা কৰা জাহাজসমূহৰ বিৰুদ্ধে নতুন নতুন কৌশল অৱলম্বন কৰা বুলিও বাতৰিত প্ৰকাশ পাইছে।
ৰয়টাৰ্ছৰ সৈতে হোৱা বাৰ্তালাপত দুগৰাকী জ্যেষ্ঠ ইৰানী বিষয়াই জনোৱা মতে, তেহৰানে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য উচ্চ পৰ্যায়ত ৰাখিবলৈ আৰু আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে।
কৃষ্ণ সাগৰতো নিৰাপত্তাজনিত পৰিস্থিতিৰ অৱনতি আৰু মালবাহী জাহাজৰ ওপৰত হোৱা আক্ৰমণে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বাণিজ্যত ব্যাঘাতৰ আশংকা বৃদ্ধি কৰিছে।
ইফালে, লোহিত সাগৰৰ গুৰুত্বপূৰ্ণ বাণিজ্যিক জলপথত ইৰান-সমৰ্থিত হুথি বিদ্ৰোহীসকলৰ পৰা সৃষ্টি হোৱা ভাবুকিয়েও আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে শেহতীয়া ছুপাৰটেংকাৰৰ ঘটনাটোৰ প্ৰায় দুদিন পূৰ্বে হৰমুজ প্ৰণালীত নৌ-মাইনত খুন্দা খাই ছিংগাপুৰৰ পতাকাবাহী এখন মালবাহী জাহাজ ডুব যোৱা বুলি ইৰানে দাবী কৰিছিল। ইৰানৰ অভিযোগ অনুসৰি, জাহাজখনে অনুমোদনহীন পথেৰে যাত্ৰা কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল।
IRGCৰ বিবৃতিৰ উদ্ধৃতি দি ইৰানৰ চৰকাৰী দূৰদৰ্শনে প্ৰকাশ কৰা অনুসৰি, ডুব যোৱা জাহাজখনত ২,৫০০টা কণ্টেইনাৰ আছিল।
ক্ৰমাগতভাৱে সংঘটিত এনে ঘটনাই হৰমুজ প্ৰণালীকে ধৰি গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক জলপথসমূহৰ নিৰাপত্তাক লৈ বিশ্বজুৰি উদ্বেগ বৃদ্ধি কৰিছে।
