ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ অভিযান অব্যাহত আছে। কামপুৰৰ বৰপানী সংৰক্ষিত বনাঞ্চল, ডবকাৰ যমুনা মৌডাংগা সংৰক্ষিত বনাঞ্চল, মেৰাপানী সীমান্তৰ ২নং নেঘেৰীবিলৰ লগতে সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ ৰজাপুখুৰীৰ গেলাজানতো উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। এই অভিযানসমূহত বহু পৰিয়ালে নিজৰ বাসগৃহ এৰি যাবলগীয়া হৈছে।

কামপুৰৰ বৰপানী সংৰক্ষিত বনাঞ্চলৰ ধনচলাত উচ্ছেদ অভিযান চলাইছে নগাঁও জিলা প্ৰশাসনে। বনাঞ্চলখনৰ পৰা ভূমি এৰিবলৈ প্ৰশাসনে ৩৩৬টা পৰিয়ালক জাননী প্ৰদান কৰিছিল। জাননী লাভ কৰাৰ পাছত দুদিনৰ ভিতৰতে বহু পৰিয়ালে নিজৰ বাসগৃহ ভাঙি আন স্থানলৈ আঁতৰি যায়। অৱশ্যে, এতিয়াও অঞ্চলটোত একাংশ পৰিয়াল থাকি গৈছে।

ইফালে, ডবকাৰ যমুনা মৌডাংগা সংৰক্ষিত বনাঞ্চলতো দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলাইছে হোজাই জিলা প্ৰশাসন আৰু আৰক্ষীয়ে। এই অভিযানত দক্ষিণ নগাঁও বন সংমণ্ডলৰ বনকৰ্মীয়েও সহযোগিতা আগবঢ়াইছে। বনাঞ্চলখনত অবৈধভাৱে বেদখল কৰি থকা ১৫২টা পৰিয়ালক উচ্ছেদ কৰিছে প্ৰশাসনে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২ আৰু ৩ জানুৱাৰীত বনাঞ্চলখনত উচ্ছেদ অভিযান চলাই বন বিভাগে প্ৰায় ১,০৯৮টা পৰিয়ালক উচ্ছেদ কৰিছিল। বনাঞ্চলখনত বেদখল কৰি থকা মুঠ ১,২৫০টা পৰিয়ালৰ ভিতৰত ১৫২টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। গোচৰ ৰুজু কৰাৰ পৰিপ্ৰেক্ষিতত এই পৰিয়ালকেইটাক উচ্ছেদ কৰাৰ পৰা বিৰত আছিল বন বিভাগ।

পৰৱৰ্তী সময়ত গোচৰটোৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে উচ্ছেদৰ সপক্ষে ৰায়দান কৰে। ইয়াৰ পাছতে পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰে প্ৰশাসনে। অৱশ্যে, উচ্ছেদৰ সন্মুখীন হোৱা কেইবাটাও পৰিয়ালে দাবী কৰিছে যে ১৯৭১ চনতে বন বিভাগে তেওঁলোকক উক্ত ভূমি আবণ্টন দিছিল।

আনহাতে, মেৰাপানী সীমান্তৰ ২নং নেঘেৰীবিলতো পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে গোলাঘাট জিলা প্ৰশাসনে। অঞ্চলটোত অবৈধভাৱে বসবাস কৰি থকা ৫৯টা পৰিয়ালক উচ্ছেদ কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, অঞ্চলটোৰ মুঠ ২০৫টা পৰিয়ালৰ ভিতৰত ৫৯টা পৰিয়ালে উচ্ছেদৰ জাননী লাভ কৰাৰ পাছত আদালতৰ দ্বাৰস্থ হৈছিল। পৰিয়ালকেইটাৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ে উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিছিল। ইয়াৰ ফলত সাময়িক সকাহ লাভ কৰিছিল পৰিয়ালকেইটাই।

কিন্তু বন বিভাগৰ চূড়ান্ত নিৰ্দেশৰ পাছতে পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে গোলাঘাট জিলা প্ৰশাসনে। ফলত আদালতৰ দ্বাৰস্থ হোৱা পৰিয়ালকেইটাই পুনৰ উচ্ছেদৰ সন্মুখীন হ’বলগীয়া হৈছে।

ইফালে, সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ ৰজাপুখুৰীৰ গেলাজানত চলিল প্ৰশাসনৰ বুলডজাৰ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে আজি দক্ষিণ নামবৰ বনাঞ্চলত উচ্ছেদ অভিযান চলায় প্ৰশাসনে। বনাঞ্চলখনৰ প্ৰায় ২ হেক্টৰ ভূমিত বসবাস কৰি থকা ১২টা পৰিয়ালক উচ্ছেদ কৰা হয়।

বন বিভাগ, অসম আৰক্ষী আৰু চি আৰ পি এফৰ বৃহৎ বাহিনীৰ উপস্থিতিত এই উচ্ছেদ অভিযান চলোৱা হয়। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বনাঞ্চলখনৰ বেদখল উচ্ছেদৰ বাবে প্ৰশাসনে গ্ৰহণ কৰে এই পদক্ষেপ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে প্ৰশাসনে অব্যাহত ৰখা অভিযানৰ ফলত বহু পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰা হৈছে। আনহাতে, একাংশ পৰিয়ালে পূৰ্বে ভূমি আবণ্টন পোৱাৰ দাবী উত্থাপন কৰাৰ লগতে কেইবাটাও পৰিয়ালে ন্যায়ালয়ৰো দ্বাৰস্থ হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গোৱালপাৰাৰ লক্ষীপুৰত বাংলাদেশীৰ সন্দেহত ২ মহিলাক আটক; অবৈধ অনুপ্ৰৱেশত সহযোগিতাৰ অভিযোগত আন এজন লোককো আটক আৰক্ষীৰ

গোৱালপাৰা জিলাৰ লক্ষীপুৰত অবৈধ অনুপ্ৰৱেশৰ অভিযোগত দুগৰাকী মহিলাক আটক...