অসমত ‘অসম ভৱন’ নিৰ্মাণ কৰিব বিচৰা প্ৰতিখন ৰাজ্যকে ভূমি প্ৰদান কৰা হ’ব, উদ্যোগপতিক আদৰণি জনাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

অসমৰ ৰাইজে কৰ্ণাটকৰ পৰা শিকিব লাগে আৰু ৰাজ্যখনত উদ্যোগপতিক ৰঙা দলিচা পাৰি আদৰণি জনাব লাগে। এই আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। উদ্যোগ স্থাপন আৰু বিনিয়োগৰ ক্ষেত্ৰত বিৰোধিতাৰ পৰিৱৰ্তে সহযোগিতাৰ মনোভাব গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে কয় যে উদ্যোগপতিক বিৰোধিতা নকৰাৰ ফলত কৰ্ণাটকত উন্নয়নৰ গতি ত্বৰান্বিত হৈছে। অসমতো উন্নয়ন আগবঢ়াই নিবলৈ হ’লে সমালোচনা আৰু বিৰোধিতাৰ সন্মুখীন হৈয়ো কাম কৰি যাব লাগিব। উদ্যোগপতি মুকেশ আম্বানী আৰু গৌতম আদানীক বিৰোধিতা কৰাৰ পৰিৱৰ্তে আদৰণি জনাবলৈও অসমৰ ৰাইজক আহ্বান জনায় তেওঁ।

কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ দ্ৰুত বিকাশ এতিয়া আনৰ ঈৰ্ষাৰ কাৰণ হৈ পৰিছে। লগতে ৰাজ্যখনত দুৰ্গাপূজাৰ উৎসৱমুখৰ পৰিৱেশৰ কথা উল্লেখ কৰি এই সময়ত আন্দোলনৰ প্ৰসংগ উত্থাপন কৰি লাভ নাই বুলিও মন্তব্য কৰে তেওঁ।

অসমত অসম ভৱন নিৰ্মাণ কৰিব বিচৰা প্ৰতিখন ৰাজ্যকে ভূমি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। প্ৰস্তাৱিত ছেটেলাইট চিটিৰ বাবে ভূমি অধিগ্ৰহণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত ভূমি আবণ্টনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

নিৰাপত্তাৰ দিশটো বিবেচনা কৰি সকলো অসম ভৱন একেটা স্থানতে নিৰ্মাণৰ বাবে ভূমি প্ৰদান কৰাৰ কথাও চৰকাৰে চিন্তা-চৰ্চা কৰি আছে বুলি জনায় মুখ্যমন্ত্ৰীয়ে।

গুজৰাটত অসম ভৱন নিৰ্মাণৰ বাবে ভূমি বিচাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে। আনহাতে, মুম্বাই প’ৰ্টত এটা নতুন অসম ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।

দিল্লীত মুঠ চাৰিটা অসম ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰি কলকাতাত থকা পুৰণি অসম ভৱনটো নতুনকৈ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ১৬,০০০ বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা ভৱনটোৰ নিৰ্মাণত ব্যয় হৈছে ৭১ কোটিৰো অধিক টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...

মেৰাপানী সীমান্তৰ নেঘেৰীবিলত পুনৰ উচ্ছেদৰ প্ৰস্তুতি, ৫৯টা পৰিয়ালক ঘৰ খালী কৰাৰ নিৰ্দেশ

মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত পুনৰ উচ্ছেদ অভিযানক লৈ...