বিহাৰৰ বৈশালী জিলাত গংগা নদীত যাত্ৰীবাহী নাও বাগৰি পৰাৰ ফলত ১৪জন লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে। নিহতসকলৰ আটাইকেইজনৰ বয়স ১৫ বছৰৰ তলত বুলি খবৰ প্ৰকাশ পাইছে। দুৰ্ঘটনাটোত কেইবাগৰাকীও মহিলা আৰু শিশুৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে। বৈশালীৰ ৰামপুৰ শ্যামচন্দ গাঁৱৰ সমীপত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা।
প্ৰাথমিক তথ্য অনুসৰি, কেইবাটাও শিশু ভোজ খাবলৈ গৈ উভতি অহাৰ সময়তে নাওখন গংগা নদীত বাগৰি পৰে। ৰাঘোপুৰৰ বিধায়ক তথা RJD নেতা তেজস্বী যাদৱৰ তথ্য অনুসৰি, দুৰ্ঘটনাত আহত ছজন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু আন তিনিজনক সুকলমে উদ্ধাৰ কৰা হৈছে। বৈশালীৰ জিলা দণ্ডাধীশ বৰ্ষা সিঙে প্ৰথমে ১১জনৰ মৃত্যুৰ কথা নিশ্চিত কৰিছিল যদিও পৰৱৰ্তী সময়ত ১৪টা মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিবলৈ দিয়ে তেজস্বী যাদৱে।
এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে। নিহত প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰাৰ লগতে আহতসকলৰ উপযুক্ত চিকিৎসা নিশ্চিত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে।
ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী নিহতৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰা হৈছে। আনহাতে, দুৰ্ঘটনাত আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিছে। আহতসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
বিহাৰৰ বৈশালীত গংগা নদীত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে। শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰি সন্ধানহীন হৈ থকা লোকসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনাইছে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।
নিজৰ বিধানসভা সমষ্টিতে সংঘটিত হোৱা এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে RJD নেতা তেজস্বী যাদৱে। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে বৈশালীৰ জিলা দণ্ডাধীশ বৰ্ষা সিঙৰ সৈতে যোগাযোগ কৰে যাদৱে। সাহায্য, উদ্ধাৰ আৰু চিকিৎসা অভিযান ক্ষিপ্ৰ কৰাৰ বাবে প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে তেওঁ।
এই শোকাৱহ ঘটনাই পুনৰ এবাৰ নদীপথেৰে নাও যাত্ৰাৰ সুৰক্ষাক লৈ প্ৰশ্নৰ উত্থাপন কৰিছে। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ, ক্ষতিগ্ৰস্ত লোকসকলৰ পৰিচয় আৰু কোনো লোক এতিয়াও সন্ধানহীন হৈ আছে নেকি, সেই সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।
