তিহাৰ জেললৈ প্ৰেৰণ CJPৰ দুই নেতাক; সৌৰভ দাস, আশুতোষ ৰাংকাক ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ, ব্যক্তিগত বণ্ডত মুকলি আজিংক্য শিণ্ডে

যন্তৰ-মন্তৰত ‘অনাধিকাৰ প্ৰৱেশ’ৰ অভিযোগত CJPৰ নেতা সৌৰভ দাস আৰু আশুতোষ ৰংকাক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ। দিল্লীৰ বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ আদালতে বুধবাৰে ককৰোচ জনতা পাৰ্টী (CJP)ৰ নেতা সৌৰভ দাস আৰু আশুতোষ ৰংকাক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ১৩ অক্টোবৰত যন্তৰ-মন্তৰত প্ৰৱেশ কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে দুয়োকে প্ৰতিৰোধমূলকভাৱে আটক কৰিছিল। আনহাতে, CJPৰ আন এজন নেতা আজিংক্য শিণ্ডেক ব্যক্তিগত বণ্ডত মুকলি কৰি দিয়া হৈছে।

উল্লেখ্য যে, প্ৰতিবাদস্থলী হিচাপে যন্তৰ-মন্তৰৰ স্বীকৃতি প্ৰত্যাহাৰ কৰাৰ এদিন পাছতে, অৰ্থাৎ কালি দিল্লী আৰক্ষীয়ে যন্তৰ-মন্তৰত প্ৰৱেশৰ চেষ্টা কৰাৰ অভিযোগত CJPৰ তিনিগৰাকী নেতা আৰু আন কেইবাজনো লোকৰ বিৰুদ্ধে এখন এজাহাৰ (FIR) দাখিল কৰিছিল। অভিযোগ অনুসৰি, দলটোৰ সদস্যসকলে বন্ধ কৰি ৰখা প্ৰৱেশদ্বাৰ আৰু আৰক্ষীৰ বেৰিকেড পাৰ হৈ ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা হাতত লৈ বিভিন্ন শ্লোগান দিছিল। পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে।

তেওঁলোকৰ বিৰুদ্ধে অবৈধভাৱে সমবেত হোৱা আৰু এগৰাকী ৰাজহুৱা কৰ্মচাৰীয়ে জাৰি কৰা নিৰ্দেশ অমান্য কৰাৰ অভিযোগো উত্থাপন হৈছে।

১৩ অক্টোবৰৰ পুৱা আটক কৰাৰ পিছত তিনিওগৰাকী CJP নেতাক প্ৰথমে জাফৰপুৰ কালান আৰক্ষী থানালৈ লৈ যোৱা হৈছিল। পৰৱৰ্তী সময়ত ১৪ অক্টোবৰৰ পুৱতি নিশা তেওঁলোকক সংসদ মাৰ্গ আৰক্ষী থানালৈ স্থানান্তৰ কৰা হয়।

CJPৰ আইনী পৰিক্ৰমাৰ মুৰব্বী ৰত্না সিঙে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি, নেতাকেইজনক পুৱা বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব। তেওঁ তিহাৰ কাৰাগাৰলৈ ন্যায়িক জিম্মাত প্ৰেৰণ কৰাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰিছিল। লগতে নিশা বহু পলমলৈকে নেতাকেইজনক তেওঁলোকৰ অধিবক্তাক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাছিল বুলিও অভিযোগ কৰে ৰত্না সিঙে।

উল্লেখযোগ্য যে, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দিল্লীত উপস্থিত হোৱাৰ সময়তো CJPৰ নেতাকেইজনক বিমানৰ পৰা নমাৰ পিছতে আটক কৰা হৈছিল। পিছত বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ আদালতে তেওঁলোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল। অৱশ্যে, শান্তি-শৃংখলা ভংগ নকৰা আৰু শান্তি ভংগ কৰিব পৰা কোনো কাৰ্যত লিপ্ত নহোৱাৰ প্ৰতিশ্ৰুতিৰে বিধিগত বণ্ড দাখিল কৰাৰ চৰ্ত আৰোপ কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি নতুন দিল্লীত ‘বৃহত্তৰ ভাৰত’ আন্তঃৰাষ্ট্ৰীয় সন্মিলন; ভিডিঅ’ বাৰ্তাযোগে ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ‘বৃহত্তৰ...

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে...