গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত আগবঢ়াবলৈ গুৱাহাটীত উপস্থিত হৈছে অন্ধ্ৰপ্ৰদেশৰ আৰক্ষীৰ এটা দল। আজি পানীখাইতীত উপস্থিত হোৱা তদন্তকাৰী আৰক্ষীৰ দলটোৱে হিমাশ্ৰীৰ পিতৃৰ ভাষ্য সংগ্ৰহ কৰাৰ লগতে তেওঁৰ বাসগৃহতো উপস্থিত হোৱাৰ কথা জানিব পৰা গৈছে।
উল্লেখ্য যে, সোমবাৰে হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক লৈ পৰিয়ালে পল্টনবজাৰস্থিত ৰে’ল আৰক্ষীৰ (GRP) থানাত এজাহাৰ দাখিল কৰিছিল। ঘটনাৰ তদন্তৰ সন্দৰ্ভত পল্টনবজাৰতে অন্ধ্ৰপ্ৰদেশৰ আৰক্ষী আৰু হিমাশ্ৰীৰ পৰিয়ালৰ মাজত আলোচনা অনুষ্ঠিত হয়।
হিমাশ্ৰীৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰে। সোমবাৰে অন্ধ্ৰপ্ৰদেশৰ ৰে’ল আৰক্ষীৰ বিষয়াৰ সৈতেও বৈঠকত মিলিত হৈছিল হিমাশ্ৰীৰ পৰিয়াল। পল্টনবজাৰৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ থানাত অনুষ্ঠিত এই আলোচনাত ঘটনাটোৰ তদন্ত আৰু পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়। অন্ধ্ৰপ্ৰদেশৰ পৰা ৰে’ল বিভাগৰ তিনিগৰাকী উচ্চপদস্থ বিষয়া অহাৰ কথাও জানিব পৰা গৈছে।
ইফালে, হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাত জড়িত থকাৰ সন্দেহত পাঁচগৰাকী ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পৰিয়ালে। এজাহাৰত গোবিন্দ ৰেড্ডী, আজিনুৰ হুছেইন, সুমিত্ৰা দেউৰী, জ্যোতি চৌধুৰী আৰু অবিনাশৰ নাম উল্লেখ কৰা হৈছে।
পৰিয়ালৰ সন্দেহ, এই পাঁচগৰাকী ব্যক্তিয়ে মিলি হিমাশ্ৰী বড়োক হত্যা কৰিছে। অৱশ্যে, এই অভিযোগসমূহৰ সত্যতা এতিয়াও তদন্তৰ জৰিয়তে প্ৰতিষ্ঠা হোৱা নাই।
আনহাতে, ঘটনাটোৰ ক্ষিপ্ৰ আৰু নিৰপেক্ষ তদন্তৰ আশ্বাস দিছে অন্ধ্ৰপ্ৰদেশৰ আৰক্ষীৰ দলটোৱে। হিমাশ্ৰী বড়োৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি, সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।
