ভাৰতে আজি নতুন দিল্লীত প্ৰথমবাৰৰ বাবে BIMSTECৰ গৃহমন্ত্ৰীসকলৰ বৈঠক আয়োজন কৰিব। সন্ত্ৰাসবাদ, আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ, নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ, উগ্ৰপন্থী মনোভাবৰ প্ৰসাৰ, মানৱ সৰবৰাহ, অবৈধ বিত্তীয় লেনদেন আৰু চাইবাৰ ভাবুকিৰ দৰে নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া বৈঠকে।
বৈঠকত অংশগ্ৰহণ কৰিবলৈ অহা সকলো গৃহমন্ত্ৰী আৰু সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধি দলক উষ্ম আদৰণি জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এই ঐতিহাসিক বৈঠকে সন্ত্ৰাসবাদ আৰু সংগঠিত অপৰাধকে ধৰি উমৈহতীয়া নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত BIMSTECৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ উমৈহতীয়া সংকল্পক প্ৰতিফলিত কৰিছে।
সামাজিক মাধ্যমত কৰা এটা পোষ্টত অমিত শ্বাহে উল্লেখ কৰে যে সুদৃঢ় আৰু নিৰ্ণায়ক সমন্বয়ৰ জৰিয়তে সদস্য ৰাষ্ট্ৰসমূহে BIMSTEC অঞ্চলটোক অধিক নিৰাপদ, শক্তিশালী আৰু সুৰক্ষিত কৰি তোলাৰ বাবে নিজৰ প্ৰতিশ্ৰুতি অটুট ৰাখিব।
উল্লেখ্য যে BIMSTECৰ সম্পূৰ্ণ নাম হৈছে Bay of Bengal Initiative for Multi-Sectoral Technical and Economic Cooperation। ই হৈছে বংগোপসাগৰীয় বহুখণ্ডীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ। বাংলাদেশ, ভূটান, ভাৰত, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ড—এই সাতখন দেশক লৈ গঠিত আঞ্চলিক সংগঠনটোৱে বংগোপসাগৰৰ উপকূলৱৰ্তী দেশসমূহ আৰু ইয়াৰ চুবুৰীয়া অঞ্চলৰ মাজত অৰ্থনৈতিক তথা কাৰিকৰী সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে কাম কৰি আহিছে।
