বাহ্যিক আড়ম্বৰবিহীন উপাসনাৰে এখন ব্যতিক্ৰমী দুৰ্গাপূজাস্থলী; ২৮২ বছৰীয়া ঐতিহ্যৰে নিৰৱে চলি আহিছে উপাসনা

দুৰ্গোৎসৱক লৈ ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। আটকধুনীয়া পূজামণ্ডপ, আলোকসজ্জা আৰু বাহ্যিক আড়ম্বৰেৰে উজলি উঠিছে চৌদিশ। কিন্তু এই উছাহ-উদ্দীপনাৰ মাজতে কলিয়াবৰৰ হাতীমূৰাত আছে এখন ব্যতিক্ৰমী পূজাস্থলী।

২৮২ বছৰীয়া ঐতিহ্য বুকুত সামৰি বাহ্যিক আড়ম্বৰ আৰু পয়োভৰৰ পৰা আঁতৰি আজিও পৰম্পৰাগত ৰীতি-নীতিৰে চলি আহিছে হাতীমূৰা দুৰ্গা মন্দিৰৰ উপাসনা। যুগ যুগ ধৰি চলি অহা এই ধৰ্মীয় পৰম্পৰাই আজিও বহন কৰি আহিছে আধ্যাত্মিকতা, বিশ্বাস আৰু ঐতিহ্যৰ স্বকীয় নিদৰ্শন।

সময়ে সলনি কৰিছে পূজাৰ আয়োজন, সলনি হৈছে উদযাপনৰ ধৰণ। কিন্তু হাতীমূৰা দুৰ্গা মন্দিৰত আজিও গুৰুত্ব লাভ কৰিছে পৰম্পৰা আৰু ভক্তিৰ নিভাঁজ প্ৰকাশে।

উল্লেখ্য যে, ১৭৪৫ চনতে স্বৰ্গদেউ প্ৰমত্তসিংহই হাতীমূৰা পাহাৰত দশভূজা দুৰ্গাৰ মন্দিৰ নিৰ্মাণ কৰি শাক্তধৰ্ম প্ৰচাৰত বৰঙণি যোগাইছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত ৰহস্যজনক মৃত্যু, তদন্তৰ বাবে গুৱাহাটীত উপস্থিত অন্ধ্ৰপ্ৰদেশৰ আৰক্ষী

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত...

বিলাসীপাৰাৰ মায়াৰচৰত চাঞ্চল্যকৰ ঘটনা! বিয়াৰ প্ৰলোভনেৰে মহিলাৰ ধন-সোণ লুট

বিলাসীপাৰাৰ মায়াৰচৰ ১ম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।...