হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে শোকসন্তপ্ত পৰিয়ালটোক সাক্ষাৎ কৰিবলৈ হিমাশ্ৰী বড়োৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্ভগীয়া পৰিয়ালটোৰ সদস্যসকলক সাক্ষাৎ কৰি তেওঁলোকৰ দুখৰ সমভাগী হয়। লগতে বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

ইফালে, ঘটনাটোৰ প্ৰকৃত কাৰণ উদ্ঘাটন আৰু সমগ্ৰ বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াক অন্ধ্ৰপ্ৰদেশলৈ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে বিষয়াগৰাকীয়ে অন্ধ্ৰপ্ৰদেশত উপস্থিত হৈ ঘটনাটোৰ বিভিন্ন দিশ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ সৈতে জড়িত তথ্য-প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে সংশ্লিষ্ট পক্ষসমূহৰ সৈতে যোগাযোগ কৰি সমগ্ৰ বিষয়টোৰ সবিশেষ জানিবলৈ চেষ্টা চলোৱা হৈছে।

আনহাতে, এই ঘটনা সন্দৰ্ভত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীলৈও পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুয়োগৰাকী নেতাই ঘটনাটোৰ তদন্ত আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়া বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে চৰকাৰে এই বিষয়ত গ্ৰহণ কৰিবলগীয়া পৰৱৰ্তী সিদ্ধান্তসমূহ শীঘ্ৰেই হিমাশ্ৰীৰ পৰিয়ালক অৱগত কৰা হ’ব। পৰিয়ালটোৱে যাতে ন্যায় লাভৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায়-সহযোগিতা লাভ কৰে, তাৰ বাবে চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিছে।

উল্লেখ্য যে, যোৱা ৭ অক্টোবৰত অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰত সংঘটিত হৈছিল এই ঘটনা। পৰৱৰ্তী সময়ত ৰে’লপথৰ দাঁতিত উদ্ধাৰ হৈছিল চপাইডাঙৰ হিমাশ্ৰী বড়োৰ মৃতদেহ। ঘটনাটোৱে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

এতিয়া সমগ্ৰ ঘটনাটোৰ তদন্তৰ অগ্ৰগতি আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত নিৰ্ভৰ কৰিছে পৰৱৰ্তী পৰিস্থিতি। হিমাশ্ৰী বড়োৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত কাৰণ পোহৰলৈ অহাৰ লগতে পৰিয়ালটোৱে ন্যায় লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে সংশ্লিষ্ট মহলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related