দুয়োটা চকুৰে নেদেখে তেওঁ। স্কুলীৰ দিনতে দুৰ্ভাগ্যজনকভাৱে হেৰুৱাইছিল দৃষ্টিশক্তি। কিন্তু জীৱনৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও হাৰ নামানিলে ডিমৌ সমষ্টিৰ বকতা পতীয়া গাঁৱৰ কুশল ফুকনে। দৃষ্টিশক্তি নথকাৰ পাছতো বিগত ৫১ বছৰে বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণ কৰি জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে ৬৭ বছৰীয়া কুশল ফুকনে।
১৯৭৫ চনৰ পৰাই বাঁহৰ কাঠি-কামি কৰি বিভিন্ন ঘৰুৱা ব্যৱহাৰ্য সামগ্ৰী নিৰ্মাণ কৰি আহিছে তেওঁ। হাতত তুলি দিয়া বাঁহৰ পৰা কটাৰীৰে নিপুণতাৰে কাঠি-কামি কৰি খৰাহী, পাচি, বিচনী, ডলা, চালনী আদি বিভিন্ন সামগ্ৰী সাজিব পাৰে কুশল ফুকনে।
বাঁহ-বেতৰ এই সামগ্ৰী নিৰ্মাণ আৰু বিক্ৰী কৰিয়েই কোনোমতে পৰিয়াল পোহপাল দি আহিছে তেওঁ। সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত পুত্ৰই বাঁহ কাটি টুকুৰা কৰি দিয়াৰ লগতে অন্যান্য কামতো পিতৃক সহায় কৰে।
দৃষ্টিশক্তি অবিহনে চোকা কটাৰী-দাৰে বাঁহৰ কাঠি-কামি কৰাৰ সময়ত প্ৰায়ে হাত-আঙুলিত আঘাত লাগে কুশল ফুকনৰ। তথাপি জীৱন-জীৱিকাৰ তাগিদাত সকলো কষ্ট সহ্য কৰি আজিও নিজৰ কাম কৰি গৈছে তেওঁ। বিগত পাঁচটা দশকৰো অধিক সময় ধৰি বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণেই হৈ পৰিছে তেওঁৰ জীৱন সংগ্ৰামৰ মূল সম্বল।
ইফালে, বিশেষভাৱে সক্ষম লোকসকলৰ বাবে চৰকাৰে আগবঢ়োৱা মাহিলী সাহায্যও যোৱা বছৰৰ পৰা হঠাৎ বন্ধ হৈ পৰা বুলি অভিযোগ কৰিছে কুশল ফুকনে। বৰ্তমান কেৱল সামান্য বৃদ্ধ পেন্সনৰ ধন লাভ কৰি আছে তেওঁ।
আনহাতে, আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে এতিয়াও লাভ কৰা নাই চৰকাৰী আবাস। কুশল ফুকনৰ বোৱাৰীয়েক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হোৱাটোৱেই পৰিয়ালটোৰ চৰকাৰী সহায়ৰ অন্যতম সম্বল।
দৃষ্টিশক্তি হেৰুৱাইও আত্মনিৰ্ভৰশীলতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰা কুশল ফুকনৰ জীৱন সংগ্ৰামে সমাজলৈ এক শক্তিশালী বাৰ্তা কঢ়িয়াই আনিছে। চৰকাৰৰ লগতে সংশ্লিষ্ট বিভাগে তেওঁৰ বন্ধ হৈ যোৱা সাহায্য পুনৰ মুকলি কৰাৰ লগতে পৰিয়ালটোৰ বাবে এটা চৰকাৰী আবাসৰ ব্যৱস্থা কৰাৰ অনুৰোধ জনাইছে।
