আজি সমগ্ৰ দেশতে পালন কৰা হৈছে ৯৪সংখ্যক ভাৰতীয় বায়ুসেনা দিৱস। এইবাৰৰ বায়ুসেনা দিৱসৰ মূলমন্ত্ৰ হৈছে— ‘Indian Air Force – Infallible, Impervious and Precise’, অৰ্থাৎ ‘অবিচল, অদম্য আৰু নিখুঁত’।
বায়ুসেনা দিৱসৰ প্ৰাকক্ষণত দেশবাসীক উদ্দেশ্যি দিয়া বাৰ্তাত ভাৰতীয় বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বেল অমৰ প্ৰীত সিঙে কয় যে দেশৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰতীয় বায়ুসেনা সদায় সতৰ্ক আৰু দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ।
তেওঁ কয় যে যোৱা বছৰ অনুষ্ঠিত ‘অপাৰেচন সিন্দূৰ’ সমন্বিত আকাশ অভিযানৰ গুৰুত্ব পুনৰ প্ৰতিপন্ন কৰিছে। এই অভিযানৰ জৰিয়তে দেশৰ সাৰ্বভৌমত্ব সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় বায়ুসেনাৰ সক্ষমতা আৰু সামৰ্থ্য স্পষ্ট হৈ পৰিছে।
এয়াৰ চীফ মাৰ্শ্বেলগৰাকীয়ে লগতে কয় যে এই বছৰত ‘এক্সাৰচাইজ বায়ুশক্তি’, বিভিন্ন দ্বিপাক্ষিক সামৰিক অনুশীলন, ‘ড্ৰোনাথন’ আৰু ঐতিহাসিক বহুপাক্ষিক বায়ু অনুশীলন ‘তৰং শক্তি’ৰ জৰিয়তে বায়ুসেনাই নিজৰ যুদ্ধ প্ৰস্তুতিৰ পৰীক্ষা চলাই আছে।
লগতে অত্যাধুনিক আৰু বিশেষ প্ৰযুক্তি দ্ৰুতগতিত বায়ুসেনাৰ সামৰিক পৰিকল্পনাত সংযোজন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
দেশৰ প্ৰতি থকা দায়িত্ব কেৱল যুদ্ধ প্ৰস্তুতিতেই সীমাবদ্ধ নহয় বুলি উল্লেখ কৰি বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে কয় যে প্ৰাকৃতিক দুৰ্যোগ বা সংকটৰ সময়তো ভাৰতীয় বায়ুসেনাই দেশ আৰু মানৱতাৰ সেৱাত সদায় আগবাঢ়ি আহিছে।
