‘মই মোদীক বিষ্ণুৰ অৱতাৰ হিচাপে দেখোঁ, তেওঁ ধৰ্ম পুনঃপ্ৰতিষ্ঠাৰ বাবে বিষ্ণুৰ শেষ অৱতাৰ’; ভূটানৰ প্ৰধানমন্ত্ৰী শেৰিং টবগে

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্ৰশংসা ভূটানৰ প্ৰধানমন্ত্ৰী শেৰিং টবগেৰ। মোদীক নিজৰ ‘ডাঙৰ ভাই’ বুলি অভিহিত কৰাৰ লগতে বিশৃংখলতা দূৰ কৰি ধৰ্ম পুনঃপ্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁক হিন্দু ধৰ্মীয় বিশ্বাসৰ ‘কল্কি’ অৰ্থাৎ বিষ্ণুৰ শেষ অৱতাৰৰ সৈতে তুলনা কৰে টবগেই।

প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ ২৫ বছৰীয়া সেৱাৰ প্ৰসংগ উল্লেখ কৰি টবগেই তেওঁৰ নেতৃত্ব, সাহস, প্ৰজ্ঞা আৰু সহমৰ্মিতাৰ প্ৰশংসা কৰে। তেওঁ কয় যে ‘বিকশিত ভাৰত’ৰ গুৰুত্ব কেৱল ভাৰতৰ সীমাৰ ভিতৰতে সীমাবদ্ধ নহয়, ইয়াৰ প্ৰভাৱ ভাৰতৰ বাহিৰতো বিস্তৃত।

আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত মোদীয়ে সদায় চুবুৰীয়া দেশসমূহক অগ্ৰাধিকাৰ দি অহা বুলি উল্লেখ কৰে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে ‘গ্ল’বেল ছাউথ’ৰ স্বাৰ্থক গুৰুত্ব দিয়াৰ লগতে আফ্ৰিকান ইউনিয়নক G20ৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰতো মোদীৰ ভূমিকাৰ প্ৰশংসা কৰে তেওঁ।

মোদীৰ সৈতে থকা ব্যক্তিগত সম্পৰ্কৰ কথাও স্মৰণ কৰে শেৰিং টবগেই। ২০১৯ চনত হোৱা তেওঁলোকৰ এক স্বতঃস্ফূৰ্ত বাৰ্তালাপ আৰু ২০২৪ চনৰ ১৪ মাৰ্চত দিল্লীত হোৱা সাক্ষাতৰ কথা উল্লেখ কৰি টবগেই কয় যে মোদীক ‘ডাঙৰ ভাই’ বুলি গণ্য কৰাৰ লগতে তেওঁক বিষ্ণুৰ অৱতাৰ হিচাপে দেখাৰ কথা পূৰ্বেও কৈছিল।

বিশৃংখলা দূৰ কৰা আৰু ধৰ্ম পুনঃপ্ৰতিষ্ঠাৰ ধাৰণাৰ সৈতে সংগতি ৰাখি মোদীক ‘কল্কি’ হিচাপে তুলনা কৰা টবগেই ভাৰত-ভূটানৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

ভূটানৰ প্ৰধানমন্ত্ৰীৰ এই মন্তব্যই এতিয়া ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত ব্যাপক চৰ্চা লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় নানা পাটেকৰক; পুনেত বিয়লি ৪ বজাত সম্পন্ন হ’ব শেষকৃত্য

প্ৰবীণ অভিনেতা নানা পাটেকৰৰ শেষকৃত্য আজি পুনেৰ ডোঞ্জে অঞ্চলত...

‘গাটো ভাল লগা নাই…’ মৃত্যুৰ পূৰ্বে নিশা বন্ধুলৈ নানা পাটেকৰৰ শেষ বাৰ্তা

প্ৰবীণ অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা নানা পাটেকৰৰ মৃত্যুৰ নতুন...

‘নাজানো, কাইলৈ জীয়াই থাকিম নে নাই…’ মৃত্যুৰ মাত্ৰ ৪ দিন পূৰ্বে জীৱনক লৈ কি কৈছিল নানা পাটেকাৰে?

প্ৰবীণ অভিনেতা নানা পাটেকৰৰ মৃত্যুৰ পিছত চৰ্চালৈ আহিছে তেওঁৰ...