এছিয়ান গেমছত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা অসম গৌৰৱ লাভলীনা বৰগোঁহাই আজি উপস্থিত হয় বোকাখাতত। স্বৰ্ণকন্যাগৰাকীক আদৰিবলৈ বিভিন্ন দল-সংগঠন, ছাত্ৰ-ছাত্ৰী আৰু ক্ৰীড়াপ্ৰেমী ৰাইজে ভিৰ কৰাৰ লগতে ফুলাম গামোচা, ফুলৰ থোপাৰে উষ্ম আদৰণি জনায়। ৰাইজৰ শ্লোগানেৰে মুখৰিত হৈ পৰে সমগ্ৰ পৰিৱেশ।
বোকাখাতবাসীৰ মৰম আৰু আদৰণিৰ বাবে ধন্যবাদ জ্ঞাপন কৰি লাভলীনাই যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী হ’বলৈ আহ্বান জনায়। স্থানীয় প্ৰশাসন তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে স্বৰ্ণকন্যাগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।
সম্বৰ্ধনা গ্ৰহণ কৰি আবেগিক হৈ লাভলীনাই কয়, “মই ভাবো মোৰ এই মেডেল সকলোৰে আশীৰ্বাদ। মানুহৰ আশীৰ্বাদ নহ’লে এইবোৰ কৰিব নোৱাৰিলোঁহেঁতেন। আমি কষ্ট কৰোঁ, কিন্তু আশীৰ্বাদ নহ’লে একো কৰিব নোৱাৰি। মই এই মেডেল ৰাইজলৈ উচৰ্গা কৰিছোঁ।”
দীৰ্ঘদিনৰ মূৰত ঘৰলৈ উভতি আহি মা-দেউতাক লগ পোৱাৰ আনন্দও প্ৰকাশ কৰে লাভলীনাই। বৰপথাৰ-সৰুপথাৰত জন্ম লোৱাটো নিজৰ সৌভাগ্য বুলি উল্লেখ কৰি সফলতাৰ বাবে দেওপানী মাৰ ওচৰতো কৃতজ্ঞতা জ্ঞাপন কৰে।
২০২৪ চনৰ পৰাজয়ৰ কথা স্মৰণ কৰি লাভলীনাই কয় যে সেই পৰাজয়ে তেওঁক হেৰুৱাৰ বেদনা বুজাইছিল আৰু পুনৰ নতুন উদ্যমেৰে থিয় হ’বলৈ শিকাইছিল। সেই অভিজ্ঞতাৰ পিছতেই এছিয়ান গেমছত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে তেওঁ। আগন্তুক অলিম্পিকত স্বৰ্ণ জয়ৰ বাবে ১০০ শতাংশ চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি দিলেও ফলাফলক লৈ নিজৰ ওপৰত অতিৰিক্ত চাপ নিদিয়ে বুলি কয়।
ইফালে, উত্তৰ গুৱাহাটীত ইতিমধ্যে এখন বক্সিং একাডেমী আৰম্ভ কৰা বুলি উল্লেখ কৰি ধনশিৰিতো এখন একাডেমী আৰম্ভ কৰাৰ আশা প্ৰকাশ কৰে লাভলীনাই। খেলৰ জৰিয়তে নতুন প্ৰজন্মক আগুৱাই নিয়াই তেওঁৰ অন্যতম লক্ষ্য বুলি কয়।
ইয়াৰ পিছত সৰুপথাৰ ৰাজহুৱা ভৱনত ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত লাভলীনা বৰগোঁহাইক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত পিতৃ টিকেন বৰগোঁহাইসহ বহু গণ্যমান্য ব্যক্তি, ক্ৰীড়াপ্ৰেমী আৰু অঞ্চলবাসী উপস্থিত থাকে।
আনহাতে, ৰংঘৰ ৰাজহুৱা ভৱনতো ১০০টা দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত লাভলীনাক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নিজৰ মানুহৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি এই সফলতাৰ পিছত যেন পূৰ্ণতা লাভ কৰা বুলি আবেগিক মন্তব্য কৰে স্বৰ্ণকন্যাগৰাকীয়ে।
