পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় নানা পাটেকৰক; পুনেত বিয়লি ৪ বজাত সম্পন্ন হ’ব শেষকৃত্য

প্ৰবীণ অভিনেতা নানা পাটেকৰৰ শেষকৃত্য আজি পুনেৰ ডোঞ্জে অঞ্চলত বিয়লি ৪ বজাত পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব। মহাৰাষ্ট্ৰ চৰকাৰে অভিনেতাগৰাকীক ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ডোঞ্জেত থকা নিজৰ ফাৰ্মহাউছৰ সৈতে নানা পাটেকৰৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। সেয়ে সেই স্থানতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

শক্তিশালী অভিনয় আৰু অনবদ্য পৰ্দা উপস্থিতিৰ বাবে পৰিচিত নানা পাটেকৰৰ আজি পুৱতি নিশা গোৱাত থকা নিজ বাসগৃহত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ (Cardiac Arrest) হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ।

হঠাৎ অসুস্থ হৈ বাসগৃহত অচেতন হৈ পৰা অভিনেতাগৰাকীক ততাতৈয়াকৈ গোৱাৰ মানিপাল হাস্পতাললৈ লৈ যোৱা হৈছিল। চিকিৎসকে প্ৰায় ৪৫ মিনিট ধৰি CPR দি তেওঁক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা চলাইছিল যদিও সফল নহ’ল। পুৱা প্ৰায় ৫:২০ বজাত তেওঁক মৃত ঘোষণা কৰা হয়।

হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰ জগতত কেইবা দশকজোৰা অভিনয় জীৱন অতিবাহিত কৰা নানা পাটেকৰে বহু স্মৰণীয় চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল। তেওঁৰ অনবদ্য অৱদানৰ স্বীকৃতি হিচাপে তেওঁ তিনিবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তেওঁৰ মৃত্যুত চলচ্চিত্ৰ জগতত গভীৰ শোকৰ ছাঁ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এই স্বৰ্ণ ৰাইজৰ আশীৰ্বাদৰ ফল…’ স্বগৃহলৈ উভতি আবেগিক লাভলীনা

এছিয়ান গেমছত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা...

চকুৰে নেদেখিলেও হাতৰ পৰশত প্ৰাণ পায় বাঁহ-বেতে; ৫১ বছৰ ধৰি বাঁহ-বেতৰ শিল্পৰ মাজেৰে জীৱন যুঁজ ৬৭ বছৰীয়া কুশল ফুকনৰ

দুয়োটা চকুৰে নেদেখে তেওঁ। স্কুলীৰ দিনতে দুৰ্ভাগ্যজনকভাৱে হেৰুৱাইছিল দৃষ্টিশক্তি।...

‘গাটো ভাল লগা নাই…’ মৃত্যুৰ পূৰ্বে নিশা বন্ধুলৈ নানা পাটেকৰৰ শেষ বাৰ্তা

প্ৰবীণ অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা নানা পাটেকৰৰ মৃত্যুৰ নতুন...