গাঁৱৰ পথাৰত লগৰীয়াৰ সৈতে অনুশীলন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিবলৈ সক্ষম হৈছে নাৰায়ণপুৰৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰ। নাৰায়ণপুৰৰ ভোলাবৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ বিতুপন গগৈয়ে অসম টেনিছ ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব অৰ্জন কৰিছে।
Tennis Cricket Sports Association of Indiaৰ উদ্যোগত লক্ষ্ণৌত ২৫ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত দেশৰ মুঠ ১৯খন ৰাজ্যৰ দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনত অসম দলে চেম্পিয়নশ্বিপ অৰ্জন কৰিবলৈ সক্ষম হয়। এই সফলতা লাভ কৰা অসম দলটোৰ অন্যতম সদস্য আছিল নাৰায়ণপুৰৰ বিতুপন গগৈ।
উল্লেখযোগ্য যে, অসম দলটোৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ সুযোগ লাভ কৰে বিতুপনে। নাৰায়ণপুৰৰ ভোলাবৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ভৰপুৰ গগৈ গাঁৱৰ ভবেন গগৈ আৰু টুটুমনি গগৈৰ কনিষ্ঠ পুত্ৰ বিতুপনৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে গাঁওবাসী।
শৈশৱৰ পৰাই ক্ৰিকেটৰ প্ৰতি বিশেষ আগ্ৰহী বিতুপনে গাঁৱৰ পথাৰতে লগৰীয়াৰ সৈতে নিয়মীয়াকৈ অনুশীলন কৰি আহিছিল। সেই অনুশীলন আৰু ক্ৰীড়াৰ প্ৰতি থকা একাগ্ৰতাই অৱশেষত তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ প্ৰদান কৰে।
ভৱিষ্যতে এগৰাকী সফল ক্ৰিকেটাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ সপোন পুহি ৰাখিছে বিতুপনে। পুত্ৰৰ এই সাফল্যত গৌৰৱান্বিত পিতৃ-মাতৃয়ে ভৱিষ্যতে তেওঁৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াই যাব বুলি জানিবলৈ দিয়ে।
আনহাতে, আৰ্থিকভাৱে সাধাৰণ পৰিয়ালৰ সন্তান বিতুপনে ক্ৰীড়া ক্ষেত্ৰত আগবঢ়ি যোৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানকো নেওচি সফলতা লাভ কৰিছে। এখন সুলভ মূল্যৰ দোকান চলাই পৰিয়াল পোহপাল দি অহা পিতৃ ভবেন গগৈয়ে পুত্ৰৰ সপোন পূৰণৰ বাবে সামৰ্থ্য অনুসৰি সকলো প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
ৰাষ্ট্ৰীয় পৰ্যায়ত অসম দলক প্ৰতিনিধিত্ব কৰি চেম্পিয়নশ্বিপ অৰ্জন কৰা বিতুপনৰ এই সাফল্যই নাৰায়ণপুৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰতিভাৱান ছাত্ৰজনক ভৱিষ্যতে এগৰাকী সফল ক্ৰিকেটাৰ হিচাপে প্ৰতিষ্ঠিত হোৱা দেখিবলৈ এতিয়া আশাবাদী পিতৃ-মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসী।
