চিৰদিনলৈ শুই পৰিল বলীউডৰ জনপ্ৰিয় অভিনেতা নানা পাটেকৰ; ৭৫ বছৰ বয়সত আকস্মিক বিয়োগ বিশিষ্ট অভিনেতাজনৰ

জনপ্ৰিয় অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা নানা পাটেকৰৰ মৃত্যু। ৭৫ বছৰ বয়সত গোৱাত থকা নিজ বাসগৃহত গুৰুতৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত অভিনেতাগৰাকীৰ মৃত্যু হয়।

জানিব পৰা মতে, গোৱাস্থিত বাসগৃহত অচেতন অৱস্থাত উদ্ধাৰ কৰাৰ পিছত নানা পাটেকৰক হাস্পতাললৈ লৈ যোৱা হৈছিল। হাস্পতালৰ সূত্ৰ অনুসৰি, পুৱা ৫:২০ বজাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। প্ৰায় ৪৫ মিনিট ধৰি চিকিৎসকে তেওঁক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা চলাইছিল যদিও কোনো সঁহাৰি পোৱা নগ’ল।

তিনিবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা নানা পাটেকৰ ‘নটসম্ৰাট’, ‘পৰিন্দা’, ‘ৱজুদ’, ‘আব তক ছাপ্পান’ আৰু ‘য়শৱন্ত’ আদি ছবিত কৰা অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত আছিল।

১৯৭৮ চনত মুক্তি পোৱা ‘গমন’ ছবিৰ জৰিয়তে বলীউডত অভিনয়ৰ পাতনি মেলা নানা পাটেকৰে ২০০০ৰ দশকতো ‘শক্তি: দ্য পাৱাৰ’, ‘আব তক ছাপ্পান’, ‘অপহৰণ’ আৰু ‘টেক্সি নং ৯২১১’ আদি ছবিত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰে।

২০০৭ চনৰ জনপ্ৰিয় কমেডী ছবি ‘ৱেলকাম’ত গেংষ্টাৰ ‘উদয় শেট্টী’ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰে। ছবিখনৰ ছিকুৱেল ‘ৱেলকাম বেক’তো তেওঁ একেটা চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি ‘হাউছফুল ৫’ ছবিতো তেওঁ সহায়ক চৰিত্ৰত অভিনয় কৰিছিল।

২০১০ চনৰ ৰাজনৈতিক থ্ৰিলাৰ ‘ৰাজনীতি’ত অভিনয় কৰাৰ বাবে নানা পাটেকৰে ফিল্মফেয়াৰ শ্ৰেষ্ঠ সহায়ক অভিনেতাৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল। ২০১৬ চনত মাৰাঠী ছবি ‘নটসম্ৰাট’ৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।

অভিনয়ৰ সমান্তৰালভাৱে নানা পাটেকৰে প্লেবেক গায়ক হিচাপেও কাম কৰিছিল। ‘য়শৱন্ত’ (১৯৯৭), ‘ৱজুদ’ (১৯৯৮) আৰু ‘আঁচ’ (২০০৩) আদি ছবিত তেওঁ প্লেবেক গান গাইছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি বছৰেকীয়া তিথি; কাহিলিপাৰাৰ ঘৰত নাম-কীৰ্তন, পূজা-পাঠেৰে স্মৰণ শিল্পীগৰাকীক

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বছৰেকীয়া শ্ৰাদ্ধ। কাহিলিপাৰাৰ ঘৰত...

পাইলট স্মিতৰ কেনেকৈ প্ৰাণ ৰক্ষা কৰিছিল চিকিৎসকে?

হীৰেন শৰ্মা মাজ আকাশত তেতিয়া শ্বাসৰুদ্ধকৰ পৰিস্থিতি। ফ্লাইডুবাই বিমানখনৰ ককপিটত...

কৃষক পঞ্জীয়নত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ’বঃ মন্ত্ৰী পীযুষ হাজৰীকা

জিলা কৃষি বিষয়াসকলৰ সৈতে জৰুৰী পৰ্যালোচনা বৈঠক কৃষি মন্ত্ৰী...