ভাৰত-ঘানাৰ মাজত দুখন MoU স্বাক্ষৰ; বিজ্ঞান, শিক্ষা আৰু কৃষি গৱেষণাত সহযোগিতা বৃদ্ধিৰ লক্ষ্য

ভাৰত আৰু ঘানাই বৈজ্ঞানিক গৱেষণা, শিক্ষা, দক্ষতা বিকাশ, কৃষি গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে দুখন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰিছে।

ঘানালৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ ভ্ৰমণৰ সময়ত এই চুক্তিসমূহৰ আদান-প্ৰদান কৰা হয়। দুয়োখন দেশে দক্ষিণ-দক্ষিণ সহযোগিতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ঘানাৰ বৈদেশিক মন্ত্ৰী ছেম অকুডজেটো আব্লাকৱাৰ সৈতে চুক্তিসমূহৰ আদান-প্ৰদানৰ সময়ত ড০ জয়শংকৰ উপস্থিত থাকে।

ড০ এছ জয়শংকৰে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে, চুক্তি অনুসৰি-

ভাৰতৰ Zoological Survey of India আৰু ঘানা বিশ্ববিদ্যালয়ৰ মাজত শিক্ষা, বৈজ্ঞানিক গৱেষণা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত সহযোগিতা কৰা হ’ব।

Indian Council of Agricultural Research (ICAR) আৰু ঘানাৰ CSIR-Crops Research Instituteৰ মাজত কৃষি গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা হ’ব।

ইয়াৰ পূৰ্বে ড০ জয়শংকৰ আৰু ঘানাৰ বৈদেশিক মন্ত্ৰী ছেম অকুডজেটো আব্লাকৱাৰ মাজত ভাৰত-ঘানাৰ ব্যাপক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশক লৈ বিস্তৃত আলোচনা অনুষ্ঠিত হয়।

দুয়োগৰাকী মন্ত্ৰীয়ে বাণিজ্য, বিনিয়োগ, উন্নয়ন, ঔষধ, দক্ষতা বিকাশ, প্ৰতিৰক্ষা, প্ৰযুক্তি আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰে।

ইয়াৰ লগতে বহুপাক্ষিক সহযোগিতা শক্তিশালী কৰা আৰু আফ্ৰিকান ইউনিয়ন (AU) তথা Economic Community of West African States (ECOWAS)-ৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক গভীৰ কৰাৰ বিষয়েও আলোচনা কৰা হয়।

দিনটোৰ আৰম্ভণিতে ড০ এছ জয়শংকৰে ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানি মাহামাৰ সৈতেও সাক্ষাৎ কৰে।

উল্লেখ্য যে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ ঘানা, কোট দিভোৱাৰ আৰু ইথিওপিয়া—এই তিনিখন দেশলৈ ভ্ৰমণ কৰিব। এই ভ্ৰমণ কাইলৈৰ পৰা চলিত মাহৰ ১০ তাৰিখলৈ অনুষ্ঠিত হ’ব।

ভ্ৰমণকালত তেওঁ তিনিওখন দেশৰ সমপদস্থ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে দেশকেইখনৰ নেতৃত্বৰ সৈতেও সাক্ষাৎ কৰিব। এই বৈঠকসমূহত দ্বিপাক্ষিক সম্পৰ্ক আৰু সহযোগিতা অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুৰ পিছত অংগদান অসম ৰাইফলছৰ জোৱানৰ; নাগালেণ্ডত গুলীবিদ্ধ হৈ মৃত্যু অসম ৰাইফলছৰ জোৱান ভি তেজাৰ

নাগালেণ্ডত অভিযানকালীন কৰ্তব্য পালন কৰি থকাৰ সময়ত গুলীৰ আঘাতত...

হানী ট্ৰেপিঙৰ জালত বেংক মেনেজাৰ; লুটিলে ৩.১৫ লাখ টকা

যোৰহাটত হানী ট্ৰেপিং চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযোগ অনুসৰি,...

মাজুলীত বিধ্বস্ত পথৰ ভয়ংকৰ পৰিণতি; চিকিৎসালয় পোৱাৰ পূৰ্বেই বাহনতে সন্তান প্ৰসৱ

মাজুলীত বিধ্বস্ত বাট-পথে উদঙাইছে উন্নয়নৰ আন এক ছবি। বিধ্বস্ত...

ভূগৰ্ভস্থ টেংকীত বিষাক্ত গেছ; উত্তৰ প্ৰদেশৰ মথুৰাত ৪ ছাত্ৰৰ কৰুণ মৃত‍্যু

ভূগৰ্ভস্ত টেংকীত বিষাক্ত গেছ। উত্তৰ প্ৰদেশৰ মথুৰাত ৪ ছাত্ৰৰ...