এম্বুলেন্সতো চোৰৰ চাফাই অভিযান; মাজুলী–নিমাতী ১০৮ নৌকা এম্বুলেন্সত চুৰি

মাজুলী–নিমাতী সংযোগী ১০৮ নৌকা এম্বুলেন্সৰ পৰা চুৰি হ’ল দুটা বেটাৰী আৰু দুটা GPS। নিশাৰ ভাগত চোৰে দীৰ্ঘদিন ধৰি বিকল হৈ থকা নৌকা এম্বুলেন্সখনত প্ৰৱেশ কৰি সামগ্ৰীসমূহ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনা সন্দৰ্ভত ১০৮ সেৱাৰ কৰ্মচাৰীয়ে বনগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। GPS চুৰি হোৱাৰ ফলত ১০৮ নৌকা সেৱাৰ কৰ্মচাৰীসকলে বৰ্তমান উপস্থিতি (Attendance) দিব পৰা নাই বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, মাজুলী–নিমাতী জলপথত সেৱা আগবঢ়োৱা মুঠ তিনিখন নৌকা এম্বুলেন্সৰ ভিতৰত দুখনেই দীৰ্ঘদিন ধৰি বিকল হৈ আছিল। সেই বিকল নৌকা এম্বুলেন্সৰ পৰাই বেটাৰী আৰু GPS চুৰি হোৱা ঘটনাই সেৱাৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জাল নথিৰে ৪০ লাখ টকাৰ বেংক ঋণ কেলেংকাৰী; CIDৰ জালত মূল অভিযুক্ত জান শইকীয়াসহ তিনিজন

জাল নথিপত্ৰ ব্যৱহাৰ কৰি বাহন ক্ৰয়ৰ নামত বেংকৰ পৰা...

এটা সোণালী যুগৰ অৱসান; আৰ্জেণ্টিনাৰ জাৰ্চিত শেষবাৰৰ বাবে খেলপথাৰত নামিল ফুটবলৰ মহাতাৰকা লিঅ’নেল মেছি

২১ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ফুটবল কেৰিয়াৰৰ অন্ত পেলাই আৰ্জেণ্টিনাৰ জাৰ্চিত...

ভাৰতীয় বায়ুসেনাই লাভ কৰিলে নতুন মুৰব্বী, ৩১ অক্টোবৰত দায়িত্ব ল’ব এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতে

এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতক ভাৰতীয় বায়ুসেনাৰ (IAF) পৰৱৰ্তী Chief...

মিজোৰামৰ চিকিৎসা ক্ষেত্ৰত নতুন মাইলৰ খুঁটি; আইজল চিভিল হাস্পতালত প্ৰথমবাৰৰ বাবে লিডলেছ পেচমেকাৰ সংস্থাপন

মিজোৰামে উন্নত হৃদৰোগ চিকিৎসাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি...