এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা, পৰিয়ালৰ সৈতে এসাঁজ হেঁপাহৰ ভোজ, প্ৰিয়জনৰ সৈতে কটোৱা কিছু বিশেষ মুহূৰ্তৰ ঠিকনা। সেই চিনাকি ‘দ্য ধাবা’ এতিয়া হৈ পৰিব অতীতৰ এক মধুৰ স্মৃতি।
১৯৯৫ চনত গুৱাহাটীৰ শিলপুখুৰীত ধাবা শৈলীৰে মাত্ৰ ১৬খন আসনেৰে যাত্ৰা আৰম্ভ কৰিছিল ‘দ্য ধাবাই’। বিগত ৩০ বছৰতকৈও অধিক সময় ধৰি গুৱাহাটীবাসীক বিভিন্ন সোৱাদ আগবঢ়াই আহিছে ‘দ্য ধাবাই’। বিভিন্ন খাদ্য সম্ভাৰেৰে আপ্লুত কৰি অহা জনপ্ৰিয় ৰেষ্টুৰেণ্টখন এইবাৰ দুৰ্গাপূজাৰ সময়তে বন্ধ হ’ব।
‘আলু’ আৰু ‘ৰঞ্জী’ নামেৰে পৰিচিত ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী সুগত গোস্বামীয়ে ৫ অক্টোবৰত এক ভিডিঅ’ বাৰ্তাযোগে ‘দ্য ধাবা’ বন্ধ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। কিছু অনিবাৰ্য পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত ল’বলগীয়া হোৱা বুলি তেওঁ উল্লেখ কৰে।
জানিব পৰা মতে, ‘দ্য ধাবা’ থকা ভূমিখণ্ডটো স্বত্বাধিকাৰীয়ে বিল্ডাৰৰ হাতত অৰ্পণ কৰিছে। উক্ত স্থানত নিৰ্মাণ হ’ব আবাসিক আৰু বাণিজ্যিক অট্টালিকা। অৱশ্যে সেই স্থানত ‘দ্য ধাবা’ পুনৰ মুকলি কৰাৰ কোনো পৰিকল্পনা নাই বুলিও জানিব পৰা গৈছে।
সময়ৰ সৈতে ‘দ্য ধাবা’ কেৱল খাদ্যৰ ঠিকনা হৈ থকা নাছিল; ই হৈ পৰিছিল গুৱাহাটীৰ খাদ্য-সংস্কৃতিৰ এক চিনাকি অংশ। সুলভ মূল্যত সুস্বাদু খাদ্য, আপোনজনৰ সৈতে হাঁহি-ধেমালি আৰু নিৰ্ভেজাল আড্ডাই ৰেষ্টুৰেণ্টখনক কেইবাটাও প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তুলিছিল।
বাটাৰ চিকেন, বিৰিয়ানীকে ধৰি বিভিন্ন জনপ্ৰিয় খাদ্যৰ সোৱাদে বহু গুৱাহাটীবাসীৰ মনত এৰি গৈছে ‘দ্য ধাবা’ই এক সুকীয়া চিনাকি।
কোনোবাৰ বাবে প্ৰথম চাকৰিৰ দৰমহাৰে বন্ধুক খুৱাবলৈ যোৱা ঠাই, কোনোবাৰ বাবে পৰিয়ালৰ সৈতে উৎসৱৰ দিনত এসাঁজ খাবলৈ যোৱা ঠাই, আন কোনোবাৰ বাবে আকৌ প্ৰিয়জনৰ সৈতে কটোৱা সন্ধিয়াৰ সাক্ষী ‘দ্য ধাবা’। এনেকুৱা অগণন কাহিনীৰে এতিয়া ‘দ্য ধাবা’ মাথোঁ স্মৃতি হৈ ৰ’ব।
দুৰ্গাপূজাৰ পিছত শিলপুখুৰীৰ সেই চিনাকি ঠিকনাত আৰু নাথাকিব ‘দ্য ধাবা’। থাকিব মাথোঁ গুৱাহাটীবাসীৰ বুকুত সাঁচি ৰোৱা ৩০ বছৰৰ অগণন স্মৃতি।
