শিক্ষাখণ্ডত অধিক বিনিয়োগ, উন্নত আন্তঃগাঁথনি আৰু পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ দাবীত ফ্ৰান্সত শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ ক্ৰমাৎ তীব্ৰ হৈ উঠিছে। মঙলবাৰে দেশজুৰি বৃহৎ প্ৰতিবাদৰ আহ্বান জনোৱাৰ পিছত পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ আশংকা কৰা হৈছে।
যোৱা এসপ্তাহ ধৰি চলি আছে বিক্ষোভ–ধৰ্ণা। ক্ৰমাগতভাৱে আন্দোলনে ভয়াৱহ ৰূপ লৈছে। ভিন্ন স্থানত আৰক্ষী–প্ৰতিবাদকাৰীৰ মাজত লাগিছে সংঘাত। জুই জ্বলাই পথ অৱৰোধ প্ৰতিবাদকাৰীৰ। ছাত্ৰ আন্দোলনক বাঁওপন্থীয়ে হিংসাত্মক কৰাৰ অভিযোগ চৰকাৰৰ। পৰিস্থিতি ভয়াৱহ হৈ পৰাত বন্ধ ৰখা হৈছে ৫ শতাধিক বিদ্যালয়। শিক্ষা ব্যৱস্থাৰ অৱনতি ঘটাৰ অভিযোগ ছাত্ৰ সমাজৰ। বাজেটত ধন হ্ৰাস, দুৰ্বল আন্তঃগাঠনি, শিক্ষকৰ অভাৱৰ বাবে প্ৰতিবাদ। কিছু সংখ্যক বিদ্যালয়তো অগ্নিসংযোগ কৰা হৈছে। এনে পৰিস্থিতিত কঠোৰ হৈছে চৰকাৰ।
যোৱা এসপ্তাহত ফ্ৰান্সৰ শ শ বিদ্যালয় শিক্ষাৰ্থীসকলে অৱৰোধ কৰাৰ লগতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত কেইবাটাও সংঘৰ্ষ হৈছে। এই সময়ছোৱাত কমেও ১৯০জন শিক্ষাৰ্থী আহত হোৱাৰ লগতে প্ৰায় ৫,০৬০জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ৮৭ শতাংশই নাবালক বুলি ফ্ৰান্সৰ ন্যায় মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
সোমবাৰে উত্তৰ ফ্ৰান্সৰ লেন্স চহৰত এখন বিদ্যালয়ৰ ওচৰত সংঘৰ্ষৰ সময়ত ১৫ বছৰীয়া এজন শিক্ষাৰ্থীৰ হাত বিস্ফোৰণত গুৰুতৰভাৱে আহত হয়। ইয়াৰ পূৰ্বে ছেইণ্ট-অ’ৱেন-ল’মনত ১৪ বছৰীয়া ইডেন নামৰ আন এজন শিক্ষাৰ্থীৰ মূৰত কন্দুৱা গেছৰ গ্ৰেনেড লাগি গুৰুতৰ আঘাতপ্ৰাপ্ত হৈছিল। প্ৰতিবাদৰ অন্যতম আয়োজক Union Syndicale Lyceenne (USL)-এ চৰকাৰে শিক্ষাৰ্থীসকলৰ দাবীৰ ক্ষেত্ৰত ‘একো স্পষ্ট ব্যৱস্থা’ গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰিছে। সংগঠনটোৱে ৰাজনৈতিক অচলাৱস্থা আৰু আন্দোলনৰ ওপৰত হোৱা বুলি অভিযোগ কৰা দমন-পীড়নৰ বিৰুদ্ধে মঙলবাৰৰ দেশজোৰা প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ইফালে শিক্ষক সংগঠন SNES-FSU-য়েও প্ৰতিবাদক সমৰ্থন কৰি সদস্যসকলক আন্দোলনত যোগদান কৰিবলৈ আহ্বান জনাইছে।
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী Sebastien Lecornu-এ শিক্ষাৰ্থী আৰু শিক্ষা-কৰ্মীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে কেইবাটাও ব্যৱস্থা ঘোষণা কৰিছে। বিদ্যালয়সমূহত ‘দৃশ্যমান পৰিৱৰ্তন’ অনাৰ প্ৰতিশ্ৰুতি দি তেওঁ হিংসাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰাৰ কথাও স্পষ্ট কৰে।
প্ৰতিবাদৰ মাজতে ২৪খন বিদ্যালয় জ্বলাই দিয়া আৰু লণ্ডভণ্ড কৰা হৈছে বুলি শিক্ষামন্ত্ৰী Edouard Geffray-এ জানিবলৈ দিছে। আৱৰ্জনাৰ ডাষ্টবিনত অগ্নিসংযোগৰ ঘটনাও সংঘটিত হৈছে।
ইফালে বাওঁ আৰু সোঁপন্থী ৰাজনৈতিক দলসমূহৰ মাজতো এই আন্দোলনক লৈ তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হৈছে। উগ্ৰ-বাওঁপন্থী La France Insoumise (LFI)-ৰ নেতা জঁ-লুক মেলঁশ্বঁৱে আন্দোলনটোক ১৯৬৮ চনৰ পিছত ফ্ৰান্সত হোৱা ‘সৰ্বাধিক শক্তিশালী শিক্ষাৰ্থী-যুৱ আন্দোলন’ বুলি অভিহিত কৰিছে। তেওঁ আৰক্ষীৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি শিক্ষাৰ্থীসকলৰ প্ৰতিবাদক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে।
আনহাতে, কট্টৰ-সোঁপন্থী National Rally-ৰ নেত্ৰী Marine Le Pen-এ প্ৰতিবাদক ‘পেছাদাৰীভাৱে সংগঠিত দাংগা’ বুলি অভিযোগ কৰি নতুন দাংগা-বিৰোধী আইন প্ৰণয়নৰ দাবী জনাইছে।
মাৰ্চেইৰ মেয়ৰ Benoit Payan-এ অৱশ্যে হিংসাক গৰিহণা দি কয় যে যুৱক-যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যৎ আৰু ৰাজহুৱা সেৱাক লৈ উদ্বিগ্ন হোৱাটো স্বাভাৱিক, কিন্তু তেওঁলোকে শান্তিপূৰ্ণভাৱে নিজৰ মত প্ৰকাশ কৰা উচিত।
