জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আজি উচ্চতম ন্যায়ালয়ত সম্পন্ন হয়। শুনানিৰ পিছতে আদালতে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে।
সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানিৰ বাবে ৬ নৱেম্বৰৰ দিন ধাৰ্য কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন খাৰিজ কৰিছিল। ইয়াৰ পিছতে তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
ইফালে, ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আন এজন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হৈছিল।
