ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বিশ্বকাপজয়ী অধিনায়ক হৰমনপ্ৰীত কৌৰে তিনিওটা ফৰ্মেটৰ অধিনায়কত্বৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে। মঙলবাৰে সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে ৩৭ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে।
হৰমনপ্ৰীতৰ এই সিদ্ধান্তৰ পিছতো তেওঁ ভাৰতীয় দলৰ হৈ খেলি যাব। তেওঁ কয় যে অধিনায়কত্ব এৰাটো সহজ সিদ্ধান্ত নাছিল যদিও দলৰ উন্নতিৰ বাবে এতিয়া পৰিৱৰ্তনৰ সময় আহিছে।
হৰমনপ্ৰীতৰ নেতৃত্বত ভাৰতে ২০২৫ চনৰ মহিলা বিশ্বকাপ আৰু ২০২৬ চনৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰে। তেওঁৰ অধিনায়কত্বত ভাৰতে তিনিখন এছিয়া কাপো জয় কৰে।
ভাৰতৰ হৈ হৰমনপ্ৰীতে ৫খন টেষ্ট, ৫১খন এদিনীয়া আৰু ১৫৫খন টি-২০ত দলক নেতৃত্ব দিছিল। ইনষ্টাগ্ৰামযোগে তেওঁ কয়, ‘মই অনুভৱ কৰোঁ যে মই মোৰ দায়িত্ব পালন কৰিলোঁ। দলটোক মোৰ সকলোখিনি দিলোঁ।’
হৰমনপ্ৰীতৰ বিদায়ৰ পিছত ভাইচ-কেপ্তেইন স্মৃতি মান্ধানাই তিনিওটা ফৰ্মেটতে ভাৰতীয় দলৰ নতুন অধিনায়ক হোৱাৰ দৌৰত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে।
