চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত ধন জমা নিদিয়াত অভিনেতা ৰাজপাল যাদৱক সোমবাৰে তীব্ৰ ভৰ্ৎসনা কৰে উচ্চতম ন্যায়ালয়ে।
আদালতে মঙলবাৰৰ ভিতৰত ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু গোচৰটো বুধবাৰে প্ৰথমটো গোচৰ হিচাপে শুনানিৰ বাবে তালিকাভুক্ত কৰে।
ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি. মোহনাৰে গঠিত বিচাৰপীঠে মুৰলী প্ৰজেক্টছ প্ৰাইভেট লিমিটেড নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ সৈতে জড়িত দীৰ্ঘদিনীয়া চেক বাউন্স গোচৰত ৰাজপাল যাদৱে আদালতৰ নিৰ্দেশ পালন নকৰাৰ বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰে।
পিটিআইৰ বাতৰি অনুসৰি, ১৫ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে যাদৱক বকেয়া ধন পৰিশোধৰ বাবে এক নিৰ্দিষ্ট পৰিকল্পনা দাখিল কৰিবলৈ দুসপ্তাহ সময় দিছিল। লগতে আদালতৰ ৰেজিষ্ট্ৰীত ২ কোটি টকা জমা দিবলৈ নিৰ্দেশ দিছিল। সোমবাৰে সেই সময়সীমা শেষ হয় যদিও ধন জমা দিয়া হোৱা নাছিল।
শুনানিৰ সময়ত ৰাজপাল যাদৱৰ অধিবক্তাই কয়, “অভিযোগকাৰীসকল দৰিদ্ৰ নহয়।” এই মন্তব্যত ন্যায়াধীশ জয়মাল্য বাগচী অসন্তুষ্ট হয়। তেওঁ কয়, “তেওঁলোক আপোনাতকৈ অধিক ধনী হ’ব পাৰে, কিন্তু আপুনি তেওঁলোকৰ পৰা যিমান ধন আত্মসাৎ কৰিছে, সেই পৰিমাণত তেওঁলোক দৰিদ্ৰ। এই অহংকাৰক উপযুক্ত ঠাইত ৰাখিব লাগিব। কেতিয়া মুখ খুলিব লাগে, সেই কথা আপুনি জনা উচিত। আপোনাৰ ঠাই জে’লত।”
আদালতে মঙলবাৰৰ ভিতৰত ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু গোচৰটো বুধবাৰে প্ৰথমটো গোচৰ হিচাপে তালিকাভুক্ত কৰে।
বিচাৰপীঠে কয় যে ৰাজপাল যাদৱৰ আপীল নাকচ কৰিব পাৰিলেহেঁতেন যদিও তেনে কৰিলে অভিযোগকাৰীয়ে নিজৰ ধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। সেয়েহে আদালতে আপীল নাকচ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰে। আদালতে লগতে লক্ষ্য কৰে যে যাদৱক সোমবাৰৰ ভিতৰত ধন জমা দিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও তেওঁ সেই নিৰ্দেশ পালন কৰা নাই। শুনানিৰ সময়ত যাদৱৰ অধিবক্তাই ৫০ লাখ টকাৰ ডিমাণ্ড ড্ৰাফ্টৰ প্ৰতিলিপি আদালতত দাখিল কৰে আৰু কয় যে বেংকে সেই ধন পৰিশোধৰ প্ৰক্ৰিয়া চলাই আছে।
ইয়াৰ পিছত বিচাৰপীঠে কয়, “এইটো সঁচাকৈয়ে নে নহয়, আমি নাজানো।” অভিযোগকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা অজিত সিনহাই ৰাজপাল যাদৱে বাৰে বাৰে আদালতৰ নিৰ্দেশ পালন নকৰাৰ অভিযোগ কৰে। সিনহাই কয়, “তেওঁ এজন চলচ্চিত্ৰ অভিনেতা। ইয়াতো তেওঁ অভিনয় কৰি আছে। এই প্ৰতিষ্ঠানৰ মৰ্যাদাৰ প্ৰতি তেওঁৰ কোনো সন্মান নাই।”
এই গোচৰটো ২০১০ চনত এখন চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ৰাজপাল যাদৱে মুৰলী প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ পৰা লাভ কৰা ৫ কোটি টকাৰ আৰ্থিক সহায়ৰ সৈতে জড়িত। অভিযোগকাৰীৰ মতে, পিছত বকেয়া ধন পৰিশোধৰ বাবে ৰাজপাল যাদৱে ১.০৫ কোটি টকা মূল্যৰ সাতখন চেক দিছিল। কিন্তু আটাইকেইখন চেকেই বাউন্স হয়। অভিযোগকাৰীয়ে লগতে কয় যে ২০১২ চনত স্বাক্ষৰিত এখন চুক্তি অনুসৰি ৰাজপাল যাদৱ, তেওঁৰ পত্নী ৰাধা আৰু তেওঁলোকৰ প্ৰতিষ্ঠানে সুতসহ প্ৰায় ১১ কোটি টকা পৰিশোধ কৰিবলৈ সন্মত হৈছিল। এই লৈ দুয়োপক্ষৰ মাজত কেইবাবছৰ ধৰি আইনী বিবাদ চলি আছে।
১৫ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে ৰাজপাল যাদৱক আত্মসমৰ্পণৰ পৰা দিয়া ৰেহাই ৫ অক্টোবৰলৈ বৃদ্ধি কৰিছিল আৰু বকেয়া ধন পৰিশোধৰ বাবে পৰিকল্পনা দাখিল কৰাৰ শেষ সুযোগ দিছিল। সেই সময়ত বিচাৰপীঠে কৈছিল, “নাটক কৰাত তেওঁ অতি পাকৈত… আদালতৰ আগৰ নিৰ্দেশসমূহ পালন কৰা হোৱা নাই।” আদালতে লগতে কৈছিল যে যাদৱৰ আচৰণে বিশ্বাসযোগ্যতা সৃষ্টি কৰা নাই।
ৰাজপাল যাদৱৰ হৈ জ্যেষ্ঠ অধিবক্তা পি. এছ. পাটৱালিয়াই বকেয়া ধন পৰিশোধৰ বাবে এক নিৰ্দিষ্ট পৰিকল্পনা প্ৰস্তুত কৰিবলৈ দুসপ্তাহ সময় বিচাৰিছিল। তেওঁ লগতে কৈছিল যে যাদৱে নিজৰ সদিচ্ছা প্ৰমাণ কৰিবলৈ ২ কোটি টকা জমা দিব। পাটৱালিয়াই আদালতক জনায় যে ৰাজপাল যাদৱে প্ৰায় চাৰে চাৰি মাহ জে’লত কটাইছে আৰু চলচ্চিত্ৰ জগতৰ বন্ধুসকলে তেওঁক জামিন লাভ কৰাত সহায় কৰিছিল। মুৰলী প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ হৈ আদালতত উপস্থিত হোৱা অজিত সিনহাই কয় যে অভিযোগকাৰীৰ মূল উদ্দেশ্য হৈছে ধন ঘূৰাই পোৱা, কাৰণ ৰাজপাল যাদৱে তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰা নাই।
৮ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে ৰাজপাল যাদৱৰ আবেদন সন্দৰ্ভত জাননী জাৰি কৰিছিল। আদালতে কৈছিল যে আদালতৰ ৰেজিষ্ট্ৰীত ৫ কোটি টকা জমা দিয়াৰ চৰ্তত তেওঁক আত্মসমৰ্পণৰ পৰা ৰেহাই দিয়া হ’ব। ইয়াৰ পূৰ্বে ১০ জুলাইত দিল্লী উচ্চ ন্যায়ালয়ে একাধিক চেক বাউন্স গোচৰত ৰাজপাল যাদৱৰ দোষী সাব্যস্ত হোৱাৰ সিদ্ধান্ত বাহাল ৰাখি তেওঁক তিনি মাহৰ কাৰাদণ্ড বিহিছিল। উচ্চ ন্যায়ালয়ে দোষী সাব্যস্ত কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰাত হোৱা ১,৮৯৪ দিনৰ বিলম্ব, অৰ্থাৎ পাঁচ বছৰতকৈ অধিক সময়ৰ বিলম্ব ক্ষমা কৰিবলৈ অস্বীকাৰ কৰিছিল। লগতে আদালতে ৰাজপাল যাদৱক সাতটা গোচৰৰ প্ৰতিটোতে অভিযোগকাৰীক ১ কোটি টকাৰো অধিক ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল।
আদালতে জনায় যে অভিনেতাজনে ইতিমধ্যে পৰিশোধ কৰা প্ৰায় ২ কোটি টকা বকেয়া ধনৰ সৈতে সমন্বয় কৰা হ’ব। লগতে তেওঁক আপীল আদালতৰ কাষ চাপিবলৈ সুবিধা দিয়াৰ বাবে দুই মাহৰ বাবে শাস্তি স্থগিত ৰখা হৈছিল। উচ্চ ন্যায়ালয়ে ৰাজপাল যাদৱৰ পত্নীকো প্ৰতিটো গোচৰত অভিযোগকাৰীক প্ৰায় ৫.৫ লাখ টকা জৰিমনা হিচাপে পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল। ধন পৰিশোধ নকৰিলে তেওঁক তিনি মাহৰ সাধাৰণ কাৰাদণ্ড ভোগ কৰিব লাগিব বুলি আদালতে জনাইছিল।
উচ্চ ন্যায়ালয়ৰ এই ৰায় ২০১৯ চনৰ ছেছন আদালতৰ নিৰ্দেশৰ বিৰুদ্ধে ৰাজপাল যাদৱ আৰু তেওঁৰ পত্নীয়ে দাখিল কৰা পুনৰীক্ষণ আবেদনৰ ভিত্তিত দিয়া হৈছিল। ২০১৯ চনৰ ছেছন আদালতে ২০১৮ চনৰ এপ্ৰিলত মেজিষ্ট্ৰেট আদালতে দিয়া দোষী সাব্যস্ত কৰাৰ সিদ্ধান্ত বাহাল ৰাখিছিল। মেজিষ্ট্ৰেট আদালতে প্ৰথমে ৰাজপাল যাদৱক ছয় মাহৰ কাৰাদণ্ড বিহিছিল। পিছত সেই শাস্তি হ্ৰাস কৰি তিনি মাহ কৰা হয়।
