মাজুলীৰ মূদৈবিল টকৌবাৰী গাঁৱত সংঘটিত খাদ্যত বিষক্ৰিয়াৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰসাদ গ্ৰহণ কৰাৰ পাছত ১৩৮ গৰাকী লোক অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, কোনো এক ধৰ্মীয় অনুষ্ঠানত প্ৰসাদ গ্ৰহণ কৰাৰ পাছতে একাংশ লোক অসুস্থ হৈ পৰে। ক্ৰমাৎ লোকসকলৰ শাৰীৰিক অৱস্থা বেয়া হোৱাত তেওঁলোকক চিকিৎসাৰ বাবে গড়মূৰৰ পীতাম্বৰদেৱ গোস্বামী চিকিৎসালয়লৈ লৈ যোৱা হয়।
অসুস্থ আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা হৈছে। চিকিৎসা লাভ কৰাৰ পাছত বৰ্তমান অধিকাংশ লোকেই ক্ৰমাৎ সুস্থ হৈ উঠিছে।
ইফালে, প্ৰসাদ গ্ৰহণৰ পাছতেই একেলগে বহু লোক অসুস্থ হৈ পৰাৰ ঘটনাই খাদ্যত বিষক্ৰিয়াৰ সন্দেহ সৃষ্টি কৰিছে। অৱশ্যে প্ৰকৃততে কি কাৰণত এই ঘটনা সংঘটিত হ’ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
ঘটনাটোক লৈ সংশ্লিষ্ট কৰ্তৃপক্ষই পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। খাদ্যৰ নমুনা পৰীক্ষা আৰু তদন্তৰ পাছতহে বিষক্ৰিয়াৰ প্ৰকৃত কাৰণ নিশ্চিত হ’ব।
