STFৰ জিম্মাত পাকিস্তানৰ চোৰাংচোৱা অভিষেক কুমাৰ সিং; অভিষেকৰ জেৰাত পোহৰলৈ আহিছে ন ন তথ্য

পাকিস্তানী চোৰাংচোৱা সংস্থাৰ এজন অপাৰেটিভৰ সৈতে যোগাযোগ ৰখা আৰু নিৰাপত্তা বাহিনীৰ গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে (STF) গ্ৰেপ্তাৰ কৰা অভিষেক কুমাৰ সিঙক জেৰা অব্যাহত ৰাখিছে। ৩১ বছৰীয়া অভিষেক বিহাৰৰ পূব চম্পাৰণ জিলাৰ বাসিন্দা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আৰক্ষীৰ তথ্য অনুসৰি, গুৱাহাটীৰ সাতগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গান্ধীনগৰৰ এটা ভাড়াঘৰত যোৱা ৩ আৰু ৪ অক্টোবৰৰ মাজনিশা অভিযান চলাই অভিষেকক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ পৰা এটা মোবাইল ফোন, কেইবাখনো SIM কাৰ্ড আৰু আপত্তিজনক নথি উদ্ধাৰ কৰাৰ কথা আৰক্ষীয়ে প্ৰকাশ কৰিছে।

এই অভিযানৰ আঁৰত আছিল তেজপুৰস্থিত গজৰাজ ক’ৰ্পছৰ মিলিটাৰী ইণ্টেলিজেন্সৰ পৰা লাভ কৰা প্ৰাথমিক তথ্য। সেই তথ্যৰ ভিত্তিত অসম STF-এ শোণিতপুৰ আৰক্ষীৰ সৈতে সমন্বয় কৰি তদন্ত আগবঢ়াই অভিষেকৰ সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰে।

প্ৰাথমিক তদন্তত অভিষেকৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ সৈতে জড়িত গোপন তথ্য পাকিস্তানী চোৰাংচোৱা অপাৰেটিভলৈ প্ৰেৰণ কৰাৰ অভিযোগ পোহৰলৈ অহা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। অৱশ্যে কি কি নিৰ্দিষ্ট তথ্য প্ৰেৰণ কৰিছিল আৰু সেই তথ্য কেনেদৰে আদান-প্ৰদান হৈছিল, সেই বিষয়ে আৰক্ষীয়ে এতিয়াও সবিশেষ প্ৰকাশ কৰা নাই।

ইফালে, এই গোচৰত অৱসৰপ্ৰাপ্ত সেনা জোৱান এজনকো গ্ৰেপ্তাৰ কৰা হৈছে। দুয়োজনৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ গতিবিধি সম্পৰ্কীয় তথ্য পাকিস্তানৰ চোৰাংচোৱা অপাৰেটিভক যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে।

আনহাতে, দ্বিতীয়জন অভিযুক্তৰ পৰিচয় আৰক্ষীয়ে এতিয়াও ৰাজহুৱা কৰা নাই। সমগ্ৰ ঘটনাৰ সৈতে আন কোনো লোক বা সংগঠন জড়িত আছে নেকি, লগতে পাকিস্তানী অপাৰেটিভৰ সৈতে অভিযুক্তসকলৰ যোগাযোগৰ পৰিসৰ কিমান, সেই বিষয়েও তদন্ত অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিন-দুপৰতে ডিব্ৰুগড়ৰ ৰাজগড়ত ডকাইতি! জুৱেলাৰ্ছৰ সন্মুখৰ পৰাই ১০ লক্ষাধিক টকাৰ সোণ, নগদ ধন লুটি উধাও দুৰ্বৃত্ত

টিংখাঙৰ ৰাজগড়ত পুৱাই সংঘটিত চাঞ্চল্যকৰ দিন-দুপৰীয়া ডকাইতিৰ ঘটনাই সমগ্ৰ...

হাউলী ৰাসৰ বৰঙণি পত্ৰৰ খেলত প্ৰথম পুৰস্কাৰ ৰেঞ্জ ৰ’ভাৰ স্প’ৰ্ট, পুৰস্কাৰত থাকিব ২১খন বিলাসী বাহন

হাউলী ৰাস মহোৎসৱৰ উদ্যোগত বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহাৰ্য্যাৰ্থে...

মাজুলীত খাদ্যত বিষক্ৰিয়া; প্ৰসাদ খাই অসুস্থ ১৩৮ গৰাকী

মাজুলীৰ মূদৈবিল টকৌবাৰী গাঁৱত সংঘটিত খাদ্যত বিষক্ৰিয়াৰ ঘটনাই অঞ্চলটোত...