অনলাইন প্ৰৱঞ্চনাৰ জালত পৰাৰ পৰা হওক সাৱধান; অনলাইন প্ৰৱঞ্চনাৰ বলি হৈ ধন হেৰুৱালে শোণিতপুৰৰ মহিলাই

অনলাইন প্ৰৱঞ্চনাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এগৰাকী মহিলাৰ পৰা ধন আত্মসাৎ কৰাৰ অভিযোগত বহিঃৰাজ্যৰ দুজন প্ৰৱঞ্চকক হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৰঙাপৰা আৰক্ষীয়ে। হাৰিয়ানা আৰক্ষীৰ সহযোগত অভিযান চলাই অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰা হয়। ধৃত অভিযুক্ত দুজনক মহম্মদ ছাকিব আৰু ইষ্টিয়াক আলম বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, ৰঙাপৰাৰ খনামুখৰ ৰঞ্জুমণি দেৱী নামৰ মহিলাগৰাকীক অনলাইনযোগে প্ৰৱঞ্চনা কৰি তেওঁৰ ধন আত্মসাৎ কৰা হৈছিল। অভিযোগ অনুসৰি, ইণ্ডিয়া ডাক পেমেণ্টছৰ তেজপুৰ শাখাৰ একাউণ্টৰ পৰা প্ৰৱঞ্চনাৰে ধন সৰকাই নিয়াৰ ঘটনা সংঘটিত হয়।

ঘটনাৰ পাছতে ভুক্তভোগী ৰঞ্জুমণি দেৱীয়ে ৰঙাপৰা থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অনলাইন প্ৰৱঞ্চনাৰ সৈতে জড়িত লোকসকলৰ সন্ধান চলায়।

তদন্তৰ সূত্ৰ অনুসৰি হাৰিয়ানাত উপস্থিত হোৱা ৰঙাপৰা আৰক্ষীয়ে স্থানীয় আৰক্ষীৰ সহযোগত অভিযান চলাই দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰে। পাছত আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি অভিযুক্ত দুজনক ৰঙাপৰালৈ লৈ অহা হয়।

ঘটনাটোৰ সৈতে আৰু কোনো লোক জড়িত আছে নেকি তথা প্ৰৱঞ্চনাৰ জৰিয়তে কিমান ধন আত্মসাৎ কৰা হৈছিল, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীত খাদ্যত বিষক্ৰিয়া; প্ৰসাদ খাই অসুস্থ ১৩৮ গৰাকী

মাজুলীৰ মূদৈবিল টকৌবাৰী গাঁৱত সংঘটিত খাদ্যত বিষক্ৰিয়াৰ ঘটনাই অঞ্চলটোত...

STFৰ জিম্মাত পাকিস্তানৰ চোৰাংচোৱা অভিষেক কুমাৰ সিং; অভিষেকৰ জেৰাত পোহৰলৈ আহিছে ন ন তথ্য

পাকিস্তানী চোৰাংচোৱা সংস্থাৰ এজন অপাৰেটিভৰ সৈতে যোগাযোগ ৰখা আৰু...

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ইতিহাসৰ পুনৰস্মৰণ, উন্মোচিত মণিৰাম দেৱানৰ প্ৰতিমূৰ্তি

ঐতিহাসিক গুৱাহাটী চাহ নিলাম কেন্দ্ৰত আজি চাহ উদ্যোগৰ সৈতে...