ৰাজ্যৰ অবৈধ ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ শিক্ষাবিভাগ; ২৫ জিলাৰ শতাধিক বিদ্যালয়ৰ পঞ্জীয়ন বাতিলৰ নিৰ্দেশ

ৰাজ্যৰ নিয়ম-বৰ্হিভূতভাৱে পৰিচালিত ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে অসম শিক্ষাবিভাগে। প্ৰয়োজনীয় নিয়মাৱলী আৰু চৰ্ত সম্পূৰ্ণ নকৰা বিদ্যালয়সমূহৰ বিৰুদ্ধে পঞ্জীয়ন বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে ৰাজ্যৰ ২৫খন জিলাৰ শতাধিক বিদ্যালয়ৰ পঞ্জীয়ন বাতিলৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। জিলাকেইখন হৈছে বৰপেটা, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ, কামৰূপ (মহানগৰ), শ্ৰীভূমি, লখিমপুৰ, মাজুলী, মৰিগাঁও, হোজাই, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমাৰা মানকাচৰ, তিনিচুকীয়া।

নিয়মবৰ্হিভূত একাংশ বিদ্যালয়ৰ বিৰুদ্ধে মাধ্যমিক শিক্ষা সঞ্চালকে সংশ্লিষ্ট জিলাসমূহৰ জিলা শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। সঞ্চালকৰ পত্ৰৰ ভিত্তিত জিলা শিক্ষা বিষয়াসকলে সংশ্লিষ্ট বিদ্যালয়সমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে।

শিক্ষাবিভাগৰ এই কঠোৰ পদক্ষেপৰ মূল কাৰণ হিচাপে বিদ্যালয়সমূহে প্ৰয়োজনীয় বিধি-বিধান, অনুমোদন আৰু অন্যান্য নিয়মাৱলী সম্পূৰ্ণ নকৰাৰ বিষয়টো উল্লেখ কৰা হৈছে। নিয়ম-নীতি উলংঘা কৰি চলি থকা শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত বিভাগে কোনো ধৰণৰ শিথিলতা অৱলম্বন নকৰাৰ ইংগিত পোৱা গৈছে।

শিক্ষাবিভাগৰ এই পদক্ষেপে ৰাজ্যৰ ব্যক্তিগত শিক্ষানুষ্ঠানসমূহক নিৰ্ধাৰিত নিয়ম-নীতি আৰু বিধিগত চৰ্ত মানি চলাৰ ক্ষেত্ৰত এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে। নিয়ম সম্পূৰ্ণ নকৰাকৈ বা প্ৰয়োজনীয় অনুমোদন অবিহনে বিদ্যালয় চলোৱাৰ ক্ষেত্ৰত আগন্তুক দিনতো অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জীমত ভয়ংকৰ কাণ্ড, শতাধিক মহিলা-যুৱতীৰ আপত্তিজনক ভিডিঅ’ প্রস্তুত

জীমলৈ যোৱা যুৱতী-মহিলাৰ আপত্তিজন ভিডিঅ’ প্ৰস্তুত। ব্লেকমেইলিঙেৰে বহু মহিলাৰ...