বগীবিলৰ পৰা আন্তঃৰাষ্ট্ৰীয় জলপথ বাণিজ্যৰ শুভাৰম্ভ; আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব ডিব্ৰুগড়ৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ যাত্ৰা

অসমত আজি ডিব্ৰুগড়ৰ নৱনিৰ্মিত বগীবিল টাৰ্মিনেলৰ পৰা প্ৰথম আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ যাত্ৰাৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অংশগ্ৰহণ কৰিব।

এই কাৰ্গ’ যাত্ৰাৰ শুভাৰম্ভৰ লগে লগে ডিব্ৰুগড়ে স্বাধীনতাৰ পূৰ্বৰ সময়ত থকা এক গুৰুত্বপূৰ্ণ অভ্যন্তৰীণ জলপথ বাণিজ্য কেন্দ্ৰ হিচাপে নিজৰ গৌৰৱময় ঐতিহ্য পুনৰ ঘূৰাই পোৱাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব।

প্ৰায় আঠ দশকৰো অধিক সময়ৰ পাছত প্ৰথমবাৰৰ বাবে অসম পৰা পোনপটীয়াকৈ এখন বিদেশী বন্দৰলৈ আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ চালান প্ৰেৰণ কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পুৱা ১১ বজাত এই কাৰ্গ’ যাত্ৰাৰ শুভাৰম্ভ কৰিব।

উদ্বোধনী চালানত অসম পেট্ৰ’-কেমিকেলছ লিমিটেডে নামৰূপত উৎপাদন কৰা ১,০৮০ টন মিথানল বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ব। দুখন পুনৰ মেৰামতি তথা সংস্কাৰ কৰা কাৰ্গ’ জাহাজে এই চালান কঢ়িয়াই বাংলাদেশৰ ঢাকাৰ পাংগাঁও বন্দৰলৈ লৈ যাব।

এই আন্তঃৰাষ্ট্ৰীয় জলপথ কাৰ্গ’ সেৱাৰ আৰম্ভণিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে বাংলাদেশ আৰু ইয়াৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সংযোগ অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু সংশ্লিষ্ট জলপথসমূহক বাণিজ্যিক পৰিবহণৰ বাবে অধিক সক্ৰিয় কৰি তোলাৰ ক্ষেত্ৰতো এই পদক্ষেপ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যৰ অবৈধ ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ শিক্ষাবিভাগ; ২৫ জিলাৰ শতাধিক বিদ্যালয়ৰ পঞ্জীয়ন বাতিলৰ নিৰ্দেশ

ৰাজ্যৰ নিয়ম-বৰ্হিভূতভাৱে পৰিচালিত ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ...

জীমত ভয়ংকৰ কাণ্ড, শতাধিক মহিলা-যুৱতীৰ আপত্তিজনক ভিডিঅ’ প্রস্তুত

জীমলৈ যোৱা যুৱতী-মহিলাৰ আপত্তিজন ভিডিঅ’ প্ৰস্তুত। ব্লেকমেইলিঙেৰে বহু মহিলাৰ...