জীমত ভয়ংকৰ কাণ্ড, শতাধিক মহিলা-যুৱতীৰ আপত্তিজনক ভিডিঅ’ প্রস্তুত

জীমলৈ যোৱা যুৱতী-মহিলাৰ আপত্তিজন ভিডিঅ’ প্ৰস্তুত। ব্লেকমেইলিঙেৰে বহু মহিলাৰ পৰা সৰকালে লাখে লাখে টকা। য়াছিন মূলতানিৰ কাণ্ডক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়া। জীম, শ্বপিং মল নাইবা যিকোনো ঠাইৰ চেইঞ্জিং ৰুমত কাপোৰ সলোৱাৰ পূৰ্বে সাৱধান হওক আপুনিও।

এইবাৰ জীমৰ সঞ্চালকে সংঘটিত কৰিলে এক নিকৃষ্ট কাণ্ড। জীমলৈ যোৱা শতাধিক মহিলা-যুৱতীৰ আপত্তিজনক ভিডিঅ’ প্রস্তুত কৰি ব্লেকমেইলিং কৰিলে মহিলাকেইগৰাকীক। জীমত থকা চেইঞ্জিং ৰুমত এই মহিলা-যুৱতীসকলে কাপোৰ সলোৱাৰ মুহূৰ্তৰ ভিডিঅ’ প্ৰস্তুত কৰি নৰাধম য়াছিন মুলতানিয়ে সংঘটিত কৰিছিল এই কাণ্ড। ঘটনাৰ পিছতে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে ভুক্তভোগী মহিলাই। অভিযোগৰ পাছতে অভিযুক্ত য়াছিন মুলতানিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বন্ধ কৰি দিয়া হয় য়াছিন মূলতানিৰ ‘ক্লাব ৭১’ নামৰ দুটা জীমো। আইনৰ স্নাতক য়াছিন মূলতানিয়ে জীমৰ কৰ্মচাৰীৰ মোবাইলৰ পৰা প্ৰস্তুত কৰিছিল এই ভিডিঅ’সমূহ। সেই নম্বৰৰ পৰাই মহিলাৰ মোবাইললৈ ভিডিঅ’ প্ৰেৰণ কৰি দীৰ্ঘদিনে কৰি আহিছিল ব্লেকমেইল। কেইবাগৰাকীও মহিলাৰ পৰা ব্লেকমেইলৰ জৰিয়তে লাখে লাখে ধন সৰকোৱাৰো অভিযোগ জীমৰ সঞ্চালকৰ বিৰুদ্ধে। কেইবাগৰাকীও মহিলাৰ পৰা ব্লেকমেইলৰ জৰিয়তে লাখে লাখে ধন সৰকোৱাৰো অভিযোগ য়াছিন মূলতানিৰ বিৰুদ্ধে। সম্প্ৰতি গুজৰাটৰ সুৰেন্দ্ৰনগৰৰ এই ঘটনাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যৰ অবৈধ ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ শিক্ষাবিভাগ; ২৫ জিলাৰ শতাধিক বিদ্যালয়ৰ পঞ্জীয়ন বাতিলৰ নিৰ্দেশ

ৰাজ্যৰ নিয়ম-বৰ্হিভূতভাৱে পৰিচালিত ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ...

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...