যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ কৰ্মচাৰীৰ বিৰুদ্ধে তিনিগৰাকী মহিলা সাংবাদিকে যৌন নিৰ্যাতন আৰু দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰে। এগৰাকী সাংবাদিকে এগৰাকী সহকাৰী আৰক্ষী আয়ুক্তৰ (ACP) বিৰুদ্ধে অভিযোগ কৰি কয় যে আৰক্ষীৰ অভিযানৰ দৃশ্য ৰেকৰ্ড কৰি থকাৰ সময়ত বিষয়াগৰাকীয়ে তেওঁক অশালীনভাৱে স্পৰ্শ কৰাৰ লগতে ঠেলা মাৰে।

অভিযোগকাৰী সাংবাদিকগৰাকীয়ে জনোৱা মতে, তেওঁলোক অভিযোগ দাখিলৰ বাবে আৰক্ষী থানালৈ গৈছিল যদিও তৎক্ষণাৎ অভিযোগ পঞ্জীয়ন কৰা হোৱা নাছিল। পিছত দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে, সাংবাদিককেইগৰাকীৰ অভিযোগসমূহ “ন্যায্য আৰু নিৰপেক্ষ তদন্ত”ৰ বাবে ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰা হৈছে।

ঘটনাক লৈ প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই গভীৰ উদ্বেগ প্ৰকাশ কৰি সাংবাদিকসকলক কোনো ভয়-ভাবুকি বা আক্ৰমণৰ সন্মুখীন নোহোৱাকৈ দায়িত্ব পালন কৰাৰ পৰিৱেশ নিশ্চিত কৰিবলৈ দিল্লী আৰক্ষীক আহ্বান জনায়।

ইফালে, কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ঘটনাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা জবাবদিহি দাবী কৰে। দিল্লী আৰক্ষী কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত থকাৰ কথা উল্লেখ কৰি তেওঁ প্ৰতিবাদস্থলীত মহিলা আৰু সাংবাদিকৰ সৈতে আৰক্ষীৰ দুৰ্ব্যৱহাৰৰ অভিযোগক লৈ প্ৰশ্ন উত্থাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

গুৱাহাটীৰ বৰাগাঁৱৰ গণেশ মন্দিৰৰ পৰা চোৰে লুটি নিলে ৩ লক্ষাধিক টকাৰ সোণ, নগদ ধন

গুৱাহাটীৰ বৰাগাঁৱত পুনৰ ধৰ্মীয় উপাসনাস্থলীত চোৰৰ উপদ্ৰৱ। ৰাষ্ট্ৰীয় ঘাইপথৰ...