ৰাজগড়ৰ শুভলক্ষ্মী এপাৰ্টমেণ্টত মহিলাক প্ৰাণে মৰাৰ চেষ্টা; মহিলাক ৰডেৰে আক্ৰমণৰ অভিযোগ এপাৰ্টমেণ্ট পৰিচালনা সমিতিৰ সদস্যৰ বিৰুদ্ধে

মহানগৰীৰ গুৱাহাটীৰ ৰাজগড়স্থিত শুভলক্ষ্মী এপাৰ্টমেণ্টত সংঘটিত এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী মহিলাক ৰডেৰে আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে এপাৰ্টমেণ্টটোৰ পৰিচালনা সমিতিৰ এগৰাকী সদস্যৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, শনিবাৰে সন্ধিয়া প্ৰায় ৬:৩০ বজাত শাশ্বতী বোস নামৰ মহিলাগৰাকীক এপাৰ্টমেণ্টটোৰ পৰিচালনা সমিতিৰ সদস্য হীৰা বৰবৰাই ৰডেৰে আক্ৰমণ কৰে। আক্ৰমণৰ দৃশ্য মোবাইল ফোনত বন্দী হোৱা বুলিও জানিব পৰা গৈছে।

ঘটনাৰ পাছতে ভুক্তভোগী মহিলাগৰাকীয়ে গীতানগৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে আৰক্ষীৰ ফালৰ পৰা কোনো বক্তব্য প্ৰকাশ কৰা হোৱা নাই।

ইফালে, ভুক্তভোগী পক্ষৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি হীৰা বৰবৰাৰ লগতে মণেশ্বৰ মেধী, দেৱশ্যাম বৰুৱা আৰু দেৱশীষ দত্তই তেওঁক ফ্লেট খালী কৰি এপাৰ্টমেণ্ট এৰি যাবলৈ ভাবুকি দি আহিছিল।

আনহাতে, এপাৰ্টমেণ্টটোত অবৈধভাৱে এটা হোমষ্টে চলাই থকাৰ অভিযোগ উত্থাপন কৰিছিল শাশ্বতী বোস নামৰ মহিলাগৰাকীয়ে। অভিযোগ অনুসৰি, নিশা হোমষ্টেত হোৱা চিঞৰ-বাখৰ আৰু হুলস্থূলৰ বাবে এপাৰ্টমেণ্টত বসবাস কৰা লোকসকল সমস্যাৰ সন্মুখীন হৈছিল।

পৰিয়াল থকা এটা আৱাসিক এপাৰ্টমেণ্টত হোমষ্টে চলোৱাৰ অনুমতি আছে নে নাই, সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰিছে ভুক্তভোগী পক্ষই।

ইফালে, হোমষ্টে আৰু অন্যান্য বিষয় সন্দৰ্ভত পূৰ্বৰে পৰা অভিযোগ জনোৱাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন কৰিছে মহিলাগৰাকীয়ে।

ঘটনাৰ সৈতে জড়িত মাৰপিটৰ দৃশ্য মোবাইল কেমেৰাত বন্দী হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু উত্থাপিত অভিযোগসমূহৰ সত্যতা স্পষ্ট হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ বৰাগাঁৱৰ গণেশ মন্দিৰৰ পৰা চোৰে লুটি নিলে ৩ লক্ষাধিক টকাৰ সোণ, নগদ ধন

গুৱাহাটীৰ বৰাগাঁৱত পুনৰ ধৰ্মীয় উপাসনাস্থলীত চোৰৰ উপদ্ৰৱ। ৰাষ্ট্ৰীয় ঘাইপথৰ...