জেৰেমি কেছেল টুইটাৰ ভাৰতৰ নতুন অভিযোগ গ্ৰহণকাৰী বিষয়া

গুৱাহাটী, ২৮ জুন, NKTV: ভাৰতৰ বাবে নিযুক্তি দিয়া টুইটাৰৰ অন্তৱৰ্তীকালীন আৱাসী অভিযোগ গ্ৰহণকাৰী বিষয়া গৰাকীৰ পদত্যাগৰ পিছতে টুইটাৰ কৰ্তৃপক্ষই জেৰেমি কেছেলক দেশখনৰ অভিযোগ গ্ৰহণকাৰী বিষয়া হিচাপে নিযুক্তি দিছে। শেহতীয়াকৈ টুইটাৰৰ জৰিয়তে ভাৰতৰ বাবে অন্তৱৰ্তীকালীন আৱাসী অভিযোগ বিষয়া হিচাপে নিযুক্ত হোৱা ধৰ্মেন্দ্ৰ চতুৰে এই পদৰ পৰা অব্যাহতি লৈছে। অৱশ্যে, টুইটাৰে এতিয়ালৈকে ধৰ্মেন্দ্ৰ চতুৰ সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰদান কৰা নাই। এই খবৰ এনে এক সময়ত আহিছে যেতিয়া মাইক্ৰ’ব্লগিং প্লেটফৰ্মটোৱে নতুন ছ’চিয়েল মিডিয়া নিয়মক লৈ ভাৰত চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হৈছে।

উল্লেখ্য যে, তথ্য-প্ৰযুক্তি আইনৰ নতুন নিয়ম অনুসৰি যিকোনো এটা ছ’চিয়েল মিডিয়া কোম্পানীয়ে ভাৰতীয় ব্যৱহাৰকাৰী সকলৰ অভিযোগ সমূহ গ্ৰহণ আৰু সমাধান কৰাৰ বাবে এজন অভিযোগ গ্ৰহণকাৰী বিষয়াক নিযুক্তি দিব লাগে।

২৫ মে’ৰ পৰা কাৰ্যকৰী হোৱা নতুন নিয়মসমূহে ছ’চিয়েল মিডিয়া কোম্পানীবোৰক ব্যৱহাৰকাৰী বা ভুক্তভোগীসকলৰ পৰা অভিযোগ সমাধানৰ বাবে এটা অভিযোগ নিষ্পত্তি প্ৰণালী স্থাপন কৰিবলৈ বাধ্য কৰিছে। যদিও টুইটাৰে এই ক্ষেত্ৰত এতিয়াও পূৰ্ণ সন্মতি প্ৰদান কৰা নাই যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে টুইটাৰক ইচ্ছাকৃতভাৱে অবাধ্যতা আৰু দেশৰ নতুন তথ্য প্ৰযুক্তি নিয়ম পালন কৰাত ব্যৰ্থতাৰ বাবে সমালোচনা কৰিছে।

৫০ লাখতকৈ অধিক ব্যৱহাৰকাৰী থকা সকলো গুৰুত্বপূৰ্ণ ছ’চিয়েল মিডিয়া কোম্পানীয়ে এনে অভিযোগৰ মোকাবিলা কৰিবলৈ আৰু এনে বিষয়াসকলৰ নাম আৰু যোগাযোগৰ বিৱৰণ ভাগ বতৰা কৰিবলৈ এজন অভিযোগ বিষয়া নিয়োগ কৰিব। এই ছ’চিয়েল মিডিয়া কোম্পানীবোৰে এজন মুখ্য অনুপালন বিষয়া, এজন Nodal Contact Person আৰু এজন আৱাসী অভিযোগগ্ৰহণকাৰী বিষয়া নিয়োগ কৰাটো বাধ্যতামূলক আৰু তেওঁলোক সকলো ভাৰতৰ বাসিন্দা হ’ব লাগিব বুলিও তথ্য-প্ৰযুক্তি আইনখনত কোৱা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...