‘অশান্ত অঞ্চল’ ; উত্তৰ-পূবৰ কোন কোন স্থানক অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ?

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ (AFSPA)ৰ ম্যাদ পুনৰ ছমাহৰ বাবে বৃদ্ধি কৰিছে। বিষয়াসকলে শুকুৰবাৰে, ২৫ ছেপ্টেম্বৰত জানিবলৈ দিয়া অনুসৰি, অহা ১ অক্টোবৰৰ পৰা এই ম্যাদ বৃদ্ধি কাৰ্যকৰী হ’ব। মণিপুৰৰ অধিকাংশ অঞ্চলৰ লগতে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ নিৰ্দিষ্ট অঞ্চলত এই আইন প্ৰযোজ্য হৈ থাকিব।

মণিপুৰত ১৩খন থানাৰ এলেকা বাদ দি সমগ্ৰ ৰাজ্যখনক AFSPAৰ অধীনত পুনৰ ‘অশান্ত অঞ্চল’ হিচাপে ঘোষণা কৰা হৈছে। ইম্ফল উপত্যকাৰ এই ১৩খন থানাৰ এলেকা নতুন অধিসূচনাৰ পৰা বাহিৰত থাকিব। ৰাজ্যখনৰ বৰ্তমানৰ আইন-শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে মণিপুৰত AFSPA সাধাৰণতে ছমাহৰ সময়সীমাৰে পুনৰ বৃদ্ধি কৰি অহা হৈছে।

নাগালেণ্ডত ৯খন জিলাৰ সমগ্ৰ অঞ্চলৰ লগতে আন ৫খন জিলাৰ ২১খন থানাৰ এলেকাতো AFSPAৰ ম্যাদ বৃদ্ধি কৰা হৈছে। ৰাজ্যখনৰ নিৰাপত্তাজনিত পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। ডিমাপুৰ, নিউলেণ্ড, চুমোকেদিমা, মন, কিফিৰে, নোক্লক, ফেক, পেৰেন আৰু মেলুৰীতো বৃদ্ধি AFSPAৰ ম্যাদ।

আনহাতে, অৰুণাচল প্ৰদেশৰ তিৰাপ, চাংলাং আৰু লংডিং জিলাত AFSPA অব্যাহত থাকিব। ইয়াৰ উপৰি অসমৰ সীমান্তৱৰ্তী নামচাই জিলাৰ নামচাই, মহাদেৱপুৰ আৰু চৌখাম থানাৰ অন্তৰ্গত অঞ্চলসমূহতো এই আইন প্ৰযোজ্য হৈ থাকিব।

উত্তৰ-পূৰ্বাঞ্চলত AFSPA প্ৰত্যাহাৰৰ দাবী অৱশ্যে অব্যাহত আছে। মণিপুৰত মণিপুৰী ষ্টুডেণ্টছ ফেডাৰেচন (MSF), নুপী খুনাই-য়াইৰিপক আৰু মেইৰা পাইবীছকে ধৰি বিভিন্ন নাগৰিক সমাজৰ সংগঠনে সময়ে সময়ে AFSPA প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে কৈছিল যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমৰ বৃহৎ অংশৰ পৰা AFSPA প্ৰত্যাহাৰ কৰিছে। নিৰাপত্তা পৰিস্থিতিৰ উন্নতিৰ ভিত্তিত কেন্দ্ৰই কিছুমান অঞ্চলৰ পৰা ক্ৰমান্বয়ে AFSPAৰ পৰিসৰ হ্ৰাস কৰি আহিছে যদিও মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ নিৰ্দিষ্ট অঞ্চলত আইনখনৰ ম্যাদ পুনৰ বৃদ্ধি কৰি থকা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ; মহিলাৰ কাবাডীত চেম্পিয়ন ভাৰত

আইচি-নাগোয়া এছিয়ান গেমছ ২০২৬ত ভাৰতীয় মহিলা কাবাডী দলৰ স্বৰ্ণ...

এছিয়ান গেমছত উজ্জীৱিত ভাৰত; মাৰাথন, শ্বুটিঙৰ পৰা আহিল ভাল খবৰ

জাপানত অনুষ্ঠিত এছিয়ান গেমছ ২০২৬ৰ সপ্তম দিনটোত ভাৰতীয় দললৈ...

ডি আৰ কংগোত ভয়ংকৰ বিমান দুৰ্ঘটনা; কাৰিকৰী বিজুতিয়ে প্ৰাণ ল’লে ১৪ জনৰ

ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোত (ডি আৰ কংগো) সংঘটিত এক...