অক্টোবৰৰ প্ৰথম সপ্তাহত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গাইড-জীপ চালকৰ ব্যাপক প্ৰস্তুতি

অহা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতে পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

ইফালে, নতুন পৰ্যটন বৰ্ষক আদৰিবলৈ সাজু হৈছে কাজিৰঙাৰ পৰ্যটনৰ সৈতে জড়িত টুৰিষ্ট গাইড আৰু জীপ চালকসকলো। দেশী-বিদেশী পৰ্যটকক কাজিৰঙাৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ আৰু বন্যপ্ৰাণীৰ সৈতে পৰিচয় কৰাই দিবলৈ জীপ চালকসকলে নিজৰ নিজৰ বাহন মেৰামতি কৰাৰ লগতে নতুন ৰূপত সজাই-পৰাই তোলাত ব্যস্ত হৈ পৰিছে।

পৰ্যটকৰ নিৰাপদ আৰু সুন্দৰ ভ্ৰমণ নিশ্চিত কৰাৰ লক্ষ্যৰে জীপসমূহৰ প্ৰয়োজনীয় মেৰামতি আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাম চলাই থকা হৈছে। সমান্তৰালভাৱে পৰ্যটকক উদ্যানখনৰ বন্যপ্ৰাণী আৰু প্ৰাকৃতিক বৈচিত্ৰ্যৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ টুৰিষ্ট গাইডসকলেও নিজকে সাজু কৰিছে।

নতুন পৰ্যটন বৰ্ষত দেশ-বিদেশৰ পৰ্যটকক আদৰিবলৈ কাজিৰঙাৰ জীপ চালক আৰু টুৰিষ্ট গাইডসকলৰ মাজত এতিয়া ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজস্থানত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত ভয়ংকৰ দুৰ্ঘটনা, কমেও ৮জনৰ মৃত্যু, আহত ৯ জন

ৰাজস্থানৰ কোটাত শনিবাৰে পুৱা দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত সংঘটিত এক ভয়ংকৰ...