এছিয়ান গেমছত উজ্জীৱিত ভাৰত; মাৰাথন, শ্বুটিঙৰ পৰা আহিল ভাল খবৰ

জাপানত অনুষ্ঠিত এছিয়ান গেমছ ২০২৬ৰ সপ্তম দিনটোত ভাৰতীয় দললৈ আহিল দুটাকৈ ৰূপৰ পদক। পুৰুষৰ মাৰাথনত সাৱন বাৰৱালে ৰূপৰ পদক জয় কৰি এছিয়ান গেমছৰ মাৰাথনত ৪৪ বছৰৰ পিছত ভাৰতক পদক আনি দিলে। ২ ঘণ্টা ১১ মিনিট ৩৭ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে দ্বিতীয় স্থান লাভ কৰে সাৱন বাৰৱালে।

ইফালে, শ্বুটিঙতো ভাৰতীয় দলটোৱে ৰূপৰ পদক অৰ্জন কৰে। তিলোত্তমা সেন, বিদৰ্শা বিনোদ কোচালুমকাল আৰু আছি চৌকছিয়ে মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন দলীয় ইভেণ্টত ৰূপৰ পদক দখল কৰে।

এই দুটা ৰূপৰ পদকৰ সৈতে এছিয়ান গেমছ ২০২৬ত ভাৰতৰ মুঠ পদকৰ সংখ্যা ২৫টালৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত আছে ২টা সোণ, ১১টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদক।

পদকৰ দৌৰত ভাৰতীয় খেলুৱৈসকলৰ ধাৰাবাহিক প্ৰদৰ্শনে আগন্তুক দিনকেইটাত দেশবাসীৰ আশা অধিক বৃদ্ধি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ; মহিলাৰ কাবাডীত চেম্পিয়ন ভাৰত

আইচি-নাগোয়া এছিয়ান গেমছ ২০২৬ত ভাৰতীয় মহিলা কাবাডী দলৰ স্বৰ্ণ...

‘অশান্ত অঞ্চল’ ; উত্তৰ-পূবৰ কোন কোন স্থানক অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ?

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন,...

ডি আৰ কংগোত ভয়ংকৰ বিমান দুৰ্ঘটনা; কাৰিকৰী বিজুতিয়ে প্ৰাণ ল’লে ১৪ জনৰ

ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোত (ডি আৰ কংগো) সংঘটিত এক...