সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান

গুৱাহাটীৰ লোক সেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিশেষ সাক্ষাৎ কৰিলে সদৌ অসম ডায়েট বিষয়া সন্থাৰ এক প্ৰতিনিধি দলে। সন্থাৰ সচিব প্ৰধান সম্পাদক ড° ঋতু পৰ্ণ মহন্তৰ নেতৃত্বত পাঁচগৰাকী কেন্দ্ৰীয় বিষয়ববীয়া এই সাক্ষাৎকালত উপস্থিত থাকে। সন্থাৰ তৰফৰ পৰা ৰাজ্যৰ বানপানী তথা বিভিন্ন দুৰ্যোগৰ সময়ত জনকল্যাণমূলক কাম-কাজলৈ হাত আগবঢ়োৱাৰ অংশ হিচাপে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এক লাখ টকাৰ চেক বৰঙণি হিচাপে প্ৰদান কৰা হয়। ইয়াৰ লগতে শেহতীয়া উন্নয়নমূলক প্ৰসংগক সামৰি অষ্টম বিত্তীয় আয়োগৰ প্ৰতিলিপিও মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়া হয়।

সন্থাৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰা স্মাৰক-পত্ৰখনত মূলতঃ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান সমূহত কাৰ্যৰত বিষয়া সকলৰ সেৱা কাঠামো উন্নীতকৰণ আৰু দুয়োটা প্ৰধান শৈক্ষিক প্ৰতিষ্ঠান- এছচিইআৰটি আৰু ডায়েটৰ মাজত এক উমৈহতীয়া শৈক্ষিক কেডাৰ সৃষ্টিৰ জৰিয়তে বিষয়া সকলৰ পেছাগত গতিশীলতা আৰু কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। স্মাৰক-পত্ৰখনত ডায়েটৰ বিষয়া সকলক ‘অসম শিক্ষা (গৱেষণা আৰু প্ৰশিক্ষণ) সেৱা, গেজেটেড- ২০১৭’ৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ বাবে বৰ্তমানৰ সেৱা বিধি সংশোধনৰ দাবী জনোৱা হৈছে। এছচিইআৰটিৰ আৰ্হিত ডায়েটৰ প্ৰবক্তা পদসমূহক ক্ৰমে সহকাৰী অধ্যাপক, সহযোগী অধ্যাপক আৰু অধ্যক্ষ পদলৈ ৰূপান্তৰিত কৰাৰ এক সুশৃংখল কেৰিয়াৰ প্ৰগ্ৰেছন প্ৰস্তুত কৰিবলৈও অনুৰোধ জনোৱা হয়। বিদ্যমান প্ৰশিক্ষিত আৰু অভিজ্ঞ শৈক্ষিক জনবলক জিলা, সম-জিলা আৰু খণ্ড পৰ্যায়ত শৈক্ষিক সহায়ক পদসমূহত সঠিকভাৱে সদ্ব্যৱহাৰ কৰাৰ ওপৰতো স্মাৰক-পত্ৰখনত গুৰুত্ব আৰোপ কৰা হৈছে।

প্ৰতিনিধি দলটোৱে প্ৰদান কৰা দীৰ্ঘদিনীয়া দাবীসম্বলিত স্মাৰক-পত্ৰখনৰ প্ৰতি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অত্যন্ত ইতিবাচক সঁহাৰি আগবঢ়াই বুলি জানিব পৰা গৈছে। তেওঁ বিষয়সমূহ গুৰুত্বসহকাৰে লৈ উপযুক্ত পদক্ষেপ গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। সন্থাই আশা প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰীৰ সুদূৰপ্ৰসাৰী নেতৃত্বত ৰাজ্যৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ আৰু অধিক গতিশীল আৰু শক্তিশালী হৈ উঠিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...