ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে এক বিশাল আক্ৰমণ চলায়। ইয়াৰে শ শ ড্ৰোন ৰাছিয়াৰ ৰাজধানী মস্কোক লক্ষ্য কৰি প্ৰেৰণ কৰা হৈছিল। মস্কোৰ মেয়ৰ চাৰ্গেই চোবিয়ানিনে (Sergei Sobyanin) এই আক্ৰমণক ৰাজধানীখনৰ ওপৰত হোৱা “ইতিহাসৰ আটাইতকৈ বৃহৎ ড্ৰোন আক্ৰমণ” বুলি অভিহিত কৰিছে।
এই আক্ৰমণৰ ফলত মস্কোৰ এক তৈল শোধনাগাৰ (Moscow Oil Refinery) আৰু এটা আৱাসিক ভৱন ক্ষতিগ্রস্ত হয়। মস্কো অঞ্চলত এই আক্ৰমণৰ ফলত এজন ৭৪ বছৰীয়া পুৰুষ আৰু এগৰাকী ৪৪ বছৰীয়া মহিলাৰ মৃত্যু হয় আৰু আন ২০ জন লোক আহত হয়।
ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিয়ে যে তেওঁলোকৰ সেনা বাহিনীয়ে সমগ্ৰ দেশৰ উপৰি ক্ৰিমিয়া আৰু কৃষ্ণ সাগৰীয় অঞ্চলত প্ৰায় ১,১০০টা ইউক্ৰেনীয় ড্ৰোন ভূপতিত কৰিবলৈ সক্ষম হয়। ইয়াৰে ৪৫০টা ড্ৰোন কেৱল মস্কোৰ দিশে আহি থাকোঁতেই ধ্বংস কৰা হয়।
ৰাছিয়াত ৩ দিনীয়াকৈ অনুষ্ঠিত সংসদীয় নিৰ্বাচনৰ অন্তিমটো দিনত এই আক্ৰমণ সংঘটিত হয়। মেয়ৰ চোবিয়ানিনে অভিযোগ কৰে যে ইউক্ৰেইনে ৰাছিয়াৰ নিৰ্বাচনত ব্যাঘাত জন্মাবলৈ এই চেষ্টা চলাইছিল, কিন্তু তেওঁলোক ব্যৰ্থ হয়।
এই নিৰ্বাচন ইউক্ৰেইনৰ যুদ্ধ প্ৰভাৱিত চাৰিটা সংলগ্ন অঞ্চল আৰু ২০১৪ চনত ৰাছিয়াই দখল কৰা ক্ৰিমিয়াতো অনুষ্ঠিত হৈছিল। অৱশ্যে ইউক্ৰেইনৰ ৰাজধানী কিয়েভে এই দখলীকৃত অঞ্চলসমূহত অনুষ্ঠিত নিৰ্বাচনক অবৈধ বুলি ঘোষণা কৰিছে।
