মুম্বাইৰ কোষ্টেল ৰোডত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা বাগৰি পৰিল BMW

দেওবাৰে পুৱতি নিশা মুম্বাইৰ কোষ্টেল ৰোডত এখন দ্ৰুতবেগী BMW দুৰ্ঘটনাগ্ৰস্ত হৈ দলঙৰ পৰা তললৈ বাগৰি পৰাৰ ফলত তিনিজন লোকৰ মৃত্যু হয়। আন এজন লোক গুৰুতৰভাৱে আহত হয়।

ক’লা ৰঙৰ BMWখন মেৰিন ড্ৰাইভৰ পৰা হাজী আলীৰ দিশে গৈ আছিল। অভিযোগ অনুসৰি, গাড়ীৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে দলঙৰ কাষৰ দেৱালত খুন্দা মাৰে আৰু লগে লগে দলঙৰ পৰা তললৈ বাগৰি পৰে। সেই সময়ত তলৰ অঞ্চলটোত গাড়ী পাৰ্কিঙৰ কাম চলি আছিল।

গাড়ীখনত থকা ৪জন লোকক ততাতৈয়াকৈ নায়াৰ হাস্পতাললৈ লৈ যোৱা হয়। চিকিৎসকে তাৰে ৩জনক হাস্পতালত উপস্থিত হোৱাৰ সময়তে মৃত ঘোষণা কৰে। ২৩ বছৰীয়া আদিত্য কাল্পেশ্বৰ ওছৱালক ট্ৰমা ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে যদিও তেওঁৰ অৱস্থা সংকটজনক।

মৃত তিনিজনক ক্ৰমে ২১ বছৰীয়া শনায় গজ্জল, ১৭ বছৰীয়া ধৈৰ্য দৰ্শন শেঠ আৰু ১৯ বছৰীয়া আদিত্য জাকাসনিয়া বুলি চিনাক্ত কৰা হৈছে।

কোষ্টেল ৰোড নিয়ন্ত্ৰণ কক্ষই পুৱা প্ৰায় ৫:২০ বজাত দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰে।

দুৰ্ঘটনাটোৰ ভয়াৱহতা গাড়ীখনৰ বিস্তৰ ক্ষয়ক্ষতিৰ পৰাই স্পষ্ট হয়। BMWখন দলঙত ওলমি থকা এখন ছাইনব’ৰ্ড ভাঙি তললৈ খহি পৰে। দুৰ্ঘটনাটো সঠিকভাৱে কেনেকৈ সংঘটিত হ’ল, সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ইয়াৰ পূৰ্বে, ৩ ছেপ্টেম্বৰত, মুম্বাই আৰক্ষীয়ে কোষ্টেল ৰোডৰ সুৰংগত তীব্ৰগতিত গাড়ী চলোৱাৰ অভিযোগত প্ৰায় ৭খন ছুপাৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ইয়াৰ ভিতৰত এখন Lamborghini, BMW M2 আৰু BMW Z4 আছিল। অসাৱধানতাৰে গাড়ী চলোৱা আৰু মানুহৰ জীৱন বা ব্যক্তিগত সুৰক্ষা বিপন্ন কৰাৰ অভিযোগত ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ধাৰা ২৮১ আৰু ১২৫ৰ অধীনত গোচৰসমূহ ৰুজু কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মহাকাশতো চীনৰ চোৰাংচোৱাগিৰি! এতিয়াৰ পৰা প্ৰতিটো উপগ্ৰহত নজৰ ৰাখিব চীনে

মহাকাশত চীনৰ চোৰাংচোৱাগিৰিৰ নতুন কৌশল! পৃথিৱীৰ কক্ষপথত থকা উপগ্ৰহসমূহৰ...

নৱম শ্ৰেণীতেই হাতত টোকাৰী লৈ উপস্থিত হৈছিল ৰেডিঅ’ কেন্দ্ৰত, আজিলৈকে লাভ কৰা নাই নিয়মীয়া শিল্পী পেন্সন

নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই টোকাৰী লৈ ডিব্ৰুগড় ৰেডিঅ’ কেন্দ্ৰত...

প্রথমে জুবিন গাৰ্গৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক,তাৰ পিছতহে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি মন্তব্য কৰক

জুবিন গাৰ্গৰ সংগীত আৰু চলচ্চিত্ৰ জীৱনক লৈ বিজেপি বিধায়ক...