অসমৰ কৃষিখণ্ডৰ বাবে সুখবৰ! অসমৰ কৃষিখণ্ডৰ সামগ্ৰিক অৰ্থব্যৱস্থা, উন্নয়নৰ পৰিকল্পনা বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

কৃষকৰ আয় বৃদ্ধি আৰু কৃষি খণ্ডৰ ৰূপান্তৰৰ বাবে ৰাজ্যভেদে পৃথক প্ৰয়োজনীয়তা বিবেচনা কৰি অঞ্চলভিত্তিক বিত্তীয় ব্যৱস্থা গঢ়ি তোলাৰ পোষকতা কৰিছে অসমৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

নতুন দিল্লীত অনুষ্ঠিত ‘Financing India’s Journey towards Viksit Bharat’ শীৰ্ষক দুদিনীয়া সন্মিলনৰ ‘Financing Agriculture Sector Transformation’ অধিৱেশনত ভাষণ দি মল্লবৰুৱাই কৃষি খণ্ডলৈ অধিক প্ৰতিষ্ঠানিক ঋণ, মূল্য সংযোজন আৰু উৎপাদনৰ পৰা ৰপ্তানিলৈকে সম্পূৰ্ণ মূল্য শৃংখল শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অধিৱেশনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীসকল উপস্থিত থাকে।

মল্লবৰুৱাই কয় যে সকলো ৰাজ্যৰ কৃষি আৰু বিত্তীয় প্ৰয়োজনীয়তা একে নহয়। সেয়েহে আঞ্চলিক উৎপাদন ব্যৱস্থা, ভৌগোলিক অৱস্থা আৰু স্থানীয় বাস্তৱতা বিবেচনা কৰি কৃষি খণ্ডৰ বাবে বিত্তীয় সহায়ৰ ব্যৱস্থা কৰিব লাগিব।

ভূমিৰ মালিকীস্বত্বৰ সমস্যাৰ বাবে ভাড়াতীয়া কৃষক, লীজত খেতি কৰা কৃষক, চৰকাৰী ভূমিত খেতি কৰা লোক, বন অধিকাৰ আইন (FRA)-ৰ হিতাধিকাৰী আৰু ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰতিষ্ঠানিক ঋণ লাভ কৰাত সন্মুখীন হোৱা সমস্যাৰ কথাও তেওঁ উল্লেখ কৰে। অসমত আৰম্ভ হোৱা Farmer ID ব্যৱস্থাই এনে কৃষকসকলক লক্ষ্যভিত্তিক সহায় প্ৰদানত সহায় কৰিব বুলি তেওঁ কয়।

কৃষিজাত সামগ্ৰীৰ শস্য চপোৱাৰ পাছৰ ক্ষতি হ্ৰাস কৰিবলৈ উৎপাদনস্থলীৰ ওচৰতে প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজনৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ কথাও বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

সন্মিলনত অসমৰ আগৰ উড খণ্ডৰ সম্ভাৱনাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে মল্লবৰুৱাই। আগৰ উডৰ ৰপ্তানিৰ বাবে নিয়মৰ অনুমোদন সৰল কৰা, গুণগত মান পৰীক্ষাৰ সুবিধা, স্থানীয় প্ৰক্ৰিয়াকৰণ আৰু উন্নত ৰপ্তানি ব্যৱস্থা গঢ়ি তোলাৰ আহ্বান জনায় তেওঁ।

ইয়াৰ উপৰি অসমৰ পাহাৰীয়া অঞ্চলৰ উন্নতমানৰ আদা আৰু হালধি, লগতে কাজী নেমু, ভূত জলকীয়া আৰু থলুৱা ধানৰ দৰে কৃষিজাত সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰণ আৰু ৰপ্তানিৰ বাবে অধিক আন্তঃগাঁথনি গঢ়ি তোলাৰ পোষকতা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। উচ্চমূল্যৰ কৃষিজাত সামগ্ৰীৰ বাবে প্ৰত্যক্ষ আন্তঃৰাষ্ট্ৰীয় বিমান কাৰ্গো সুবিধাৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ উল্লেখ কৰে।

বানপানী, খৰাং আৰু কীট-পতংগৰ আক্ৰমণৰ দৰে কৃষি সংকটৰ সময়ত কৃষকক দ্ৰুত সহায় আগবঢ়াবলৈ শক্তিশালী ব্যৱস্থা গঢ়ি তোলাৰ আহ্বান জনাই মল্লবৰুৱাই কয় যে কৃষিৰ ৰূপান্তৰ কেৱল উৎপাদন বৃদ্ধিতে সীমাবদ্ধ নাৰাখি মূল্য সংযোজন, প্ৰক্ৰিয়াকৰণ, বজাৰ সংযোগ আৰু ৰপ্তানিৰ সৈতে সংযুক্ত কৰিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুম্বাইৰ কোষ্টেল ৰোডত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা বাগৰি পৰিল BMW

দেওবাৰে পুৱতি নিশা মুম্বাইৰ কোষ্টেল ৰোডত এখন দ্ৰুতবেগী BMW...

নৱম শ্ৰেণীতেই হাতত টোকাৰী লৈ উপস্থিত হৈছিল ৰেডিঅ’ কেন্দ্ৰত, আজিলৈকে লাভ কৰা নাই নিয়মীয়া শিল্পী পেন্সন

নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই টোকাৰী লৈ ডিব্ৰুগড় ৰেডিঅ’ কেন্দ্ৰত...

প্রথমে জুবিন গাৰ্গৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক,তাৰ পিছতহে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি মন্তব্য কৰক

জুবিন গাৰ্গৰ সংগীত আৰু চলচ্চিত্ৰ জীৱনক লৈ বিজেপি বিধায়ক...

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগে পতা...