জুবিন গাৰ্গৰ সংগীত আৰু চলচ্চিত্ৰ জীৱনক লৈ বিজেপি বিধায়ক বিজয় গুপ্তাৰ মন্তব্যক কেন্দ্ৰ কৰি চৰ্চা অব্যাহত থকাৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কণ্ঠশিল্পী সীমান্ত শেখৰে
ছ’চিয়েল মিডিয়াত এটা পোষ্ট যোগে সীমান্ত শেখৰে জুবিন গাৰ্গৰ প্ৰতি নিজৰ শ্ৰদ্ধা আৰু সন্মান প্ৰকাশ কৰি কয় এনেদৰে – মাননীয় MLA মহোদয়, প্রথমে জুবিন গাৰ্গৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক, তেওঁৰ সংগীত, অৱদান আৰু অসমৰ সমাজ-সংস্কৃতিত তেওঁৰ স্থান বুজিবলৈ চেষ্টা কৰক। তাৰ পিছতহে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি মন্তব্য কৰক।
আপুনি BJP-ৰ হ’ব পাৰে, সেয়া আপোনাৰ ৰাজনৈতিক পৰিচয়। কিন্তু সেইবুলি জুবিন গাৰ্গৰ দৰে এগৰাকী কিংবদন্তিক লৈ কৰা যিকোনো অজ্ঞতাপূর্ণ বা অবিবেচক মন্তব্যক আমি সমর্থন কৰিব লাগিব বুলি কোনো কথা নাই।
ৰাজনীতিৰ ঊর্ধ্বত আছে আমাৰ সংস্কৃতি, আমাৰ আবেগ আৰু আমাৰ শিল্পীসকলৰ প্ৰতি সন্মান। জুবিন দাৰ বিষয়ে কথা কওঁতে অন্ততঃ সেই সম্মানখিনি বজাই ৰাখক।
কি কৈছিল বিধায়ক বিজয় গুপ্তাই?
গুৱাহাটীৰ ফাঁচী বজাৰত অনুষ্ঠিত জুবিন দিৱসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাষণ প্ৰসংগত বিজেপি বিধায়ক বিজয় গুপ্তাই দাবী কৰিছিল যে জুবিন গাৰ্গে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল। লগতে তেওঁ জুবিন গাৰ্গে ‘চাইনা মিছন’ নামৰ এখন চিনেমা নিৰ্মাণ কৰা বুলিও উল্লেখ কৰিছিল।

কিন্তু জুবিন গাৰ্গৰ ২০১৭ চনত মুক্তিপ্ৰাপ্ত ছবিখনৰ নাম আছিল ‘মিছন চাইনা’। আনহাতে, ১৯৯২ চনত মুক্তি লাভ কৰা ‘অনামিকা’ আছিল তেওঁৰ প্ৰথমটো এলবাম।
জুবিন গাৰ্গৰ অৱদানক লৈ চৰ্চা
বিধায়কগৰাকীৰ ভাষণত উল্লেখ কৰা তথ্যক লৈ এতিয়া সামাজিক মাধ্যমত চৰ্চা চলিছে। বিশেষকৈ জুবিন গাৰ্গৰ সংগীত আৰু চলচ্চিত্ৰ জগতৰ অৱদানক লৈ কৰা মন্তব্যৰ তথ্যগত শুদ্ধতাক কেন্দ্ৰ কৰি বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে।
ইফালে, সীমান্ত শেখৰৰ পোষ্টটোৱেও এই বিষয়টোক লৈ নতুনকৈ চৰ্চাৰ সৃষ্টি কৰিছে। অসমৰ সংগীত আৰু সাংস্কৃতিক জগতলৈ জুবিন গাৰ্গে আগবঢ়োৱা অৱদানক স্মৰণ কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে বিভিন্নজনে।
