৪৫০ ফুট দীঘল গামোচাৰে অভিলেখ গঢ়িলে সোণাপুৰৰ জুবিনক্ষেত্ৰই

৪৫০ ফুট দীঘল গামোচাৰে অভিলেখ গঢ়িলে সোণাপুৰৰ জুবিনক্ষেত্ৰই । সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰদৰ্শন কৰা ৪৫০ ফুট দীঘল এখন বিশাল গামোচাই বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত ‘জুবিন দিৱস’ৰ সৈতে সংগতি ৰাখি উন্মোচন কৰা হয় এই ব্যতিক্ৰমী গামোচাখন। ‘জুবিন স্মৃতি অম্লান’ নামেৰে নামকৰণ কৰা গামোচাখনৰ জৰিয়তে শিল্পীগৰাকীৰ বৰ্ণিল সংগীত যাত্ৰা আৰু অমৰ সৃষ্টিৰাজিক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে।

‘ZG আৰ্টিষ্ট ক্লাৱ’ৰ প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিল্পীৰ সন্মিলিত প্ৰচেষ্টাত প্ৰস্তুত কৰা হৈছে এই বিশাল গামোচাখন। ১৯৯২ চনৰ পৰা ২০২৬ চনলৈ জুবিন গাৰ্গৰ সংগীত যাত্ৰাৰ বিভিন্ন দিশ গামোচাখনত চিত্ৰিত কৰা হৈছে। শিল্পীগৰাকীৰ ছবি, জনপ্ৰিয় এলবামৰ নাম, গীতৰ কলি আৰু আলোকচিত্ৰৰ জৰিয়তে তেওঁৰ বৰ্ণিল কৰ্মজীৱন তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে।

জানিব পৰা মতে, দ্বীপৰ বিলৰ ‘আভা ক্ৰিয়েচনছ’ত বৈ উলিওৱা এই সুদীৰ্ঘ গামোচাখন প্ৰস্তুত কৰিবলৈ প্ৰায় ৩২ দিন সময়ৰ প্ৰয়োজন হৈছিল। প্ৰায় ২৮ কিলোগ্ৰাম ওজনৰ গামোচাখনে ইয়াৰ বিশাল আকাৰ আৰু ব্যতিক্ৰমী নিৰ্মাণশৈলীৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

জুবিন গাৰ্গৰ প্ৰতি থকা গভীৰ মৰম, শ্ৰদ্ধা আৰু আবেগক পৰম্পৰাগত গামোচাৰ ৰূপত প্ৰকাশ কৰি যুৱ প্ৰজন্মই আগবঢ়োৱা এই বিশেষ শ্ৰদ্ধাঞ্জলিয়ে সোণাপুৰৰ জুবিন ক্ষেত্ৰত সৃষ্টি কৰিছে এক বিশেষ পৰিৱেশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগে পতা...

এছিয়ান গেমছত উজলিল ভাৰতৰ ৩ কন্যা; শ্বটিঙৰ জৰিয়তে ২ টাকৈ পদক জয়

শনিবাৰে, ১৯ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় এছিয়ান গেমছ...

নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান; তামাৰহাট-পৰ্বতঝোৰাত আটক ৫ ড্ৰাগছ সৰবৰাহকাৰী

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাত আৰু ধুবুৰীৰ তামাৰহাটত নিশা পৃথকে...