আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম পূণ্যতিথি। জুবিন গাৰ্গৰ স্মৃতিক সুঁৱৰি সমগ্ৰ অসমতে পালন কৰা হৈছে ‘জুবিন দিৱস’। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা অনুৰাগী, শিল্পী, ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী তথা বিভিন্ন দল-সংগঠনে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, মাৰাথন দৌৰ, সাংস্কৃতিক কাৰ্যসূচীকে ধৰি বিভিন্ন অনুষ্ঠান।
চাংসাৰিৰ সমীপৱৰ্তী বোৰ্কা গাঁৱৰ এটা পৰিয়ালৰ সৈতে জুবিন গাৰ্গৰ আছিল এক বিশেষ আত্মিক সম্পৰ্ক। জীৱিত কালত শিল্পীগৰাকীয়ে প্ৰায়ে পৰিয়ালটোলৈ বৰশী বাবলৈ আহিছিল আৰু দিনটোৰ অধিক সময় তেওঁলোকৰ সৈতে কটাইছিল। পৰিয়ালটোৰ পোহনীয়া ভাটৌ চৰাইটোক কান্ধত লৈ সময় কটোৱা জুবিনৰ সেই স্মৃতিও আজি পৰিয়ালটোৱে শ্ৰদ্ধাৰে সুঁৱৰিছে।
মৰাণতো ব্যতিক্ৰমীভাৱে জুবিন গাৰ্গক স্মৰণ কৰে কণ কণ শিশু আৰু কিশোৰ-কিশোৰীসকলে। মৰাণ স্পৰ্টছ ট্ৰেইনিং চেণ্টাৰৰ উদ্যোগত হাতে হাতে জুবিন গাৰ্গৰ আলোকচিত্ৰ লৈ মৰাণ অভয়পুৰ ষ্টেডিয়ামৰ পৰা মৰাণ নগৰলৈ উলিওৱা হয় মাৰাথন দৌৰ। নগৰত উপস্থিত হৈ অংশগ্ৰহণকাৰীসকলে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ডিব্ৰুগড়তো জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই এক ব্যতিক্ৰমী পৰিৱেশৰ সৃষ্টি হয়। ১৯ ছেপ্টেম্বৰৰ দিনটো সন্মান জনাই চহৰখনৰ ব্যৱসায়ীসকলে স্বতঃস্ফূৰ্তভাৱে দোকান-পোহাৰ আৰু বজাৰ বন্ধ ৰাখে। প্ৰতিদিনে ব্যস্ততাৰে ভৰি থকা ডিব্ৰুগড় চহৰখন আজি তুলনামূলকভাৱে জনশূন্য হৈ পৰিছে।
তিনিচুকীয়াতো পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰা হয়। সাংস্কৃতিক সমন্বয় উন্নয়ন সমিতিৰ উদ্যোগত থানা চাৰিআলিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। ইয়াৰ পিছতে শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰি তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে অনুৰাগীসকলে।
মঙলদৈত মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফ’ৰামৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰভাতফেৰী শীৰ্ষক সমদল। মঙলদৈ প্ৰেছ ক্লাবৰ পৰা আৰম্ভ হোৱা এই সমদল চহৰখনৰ মাজেৰে আগবাঢ়ে। কাৰ্যসূচীত মন্ত্ৰী নীলিমা দেৱী, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ কমলাকান্ত বৰা, দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালি গোস্বামী কলিতা, অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মা, ৰিন্তিমণি ডেকাকে ধৰি বহু লোক উপস্থিত থাকে। প্ৰভাতফেৰীৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে ‘মায়াবিনী’ গীতটি সকলোৱা একেলগে পৰিৱেশন কৰে।
বৰপেটাতো জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে উন্মোচন কৰা হয় শিল্পীগৰাকীৰ এটি আবক্ষ মূৰ্তি। জুবিন গাৰ্গৰ ইচ্ছা অনুসৰি বিষ্ণু ৰাভা আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ আবক্ষ মূৰ্তিৰ ওচৰতে নবীনচন্দ্ৰ বৰদলৈ পাৰ্কত স্থাপন কৰা এই মূৰ্তিটো উন্মোচন কৰে বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন আৰু বৰপেটা প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত শিল্পীসকলে জুবিন গাৰ্গৰ ‘মায়াবিনী’ গীত পৰিৱেশন কৰে।
কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিচাতো পুৱাই জুবিন গাৰ্গক স্মৰণ কৰে বাগিচাখনৰ শ্ৰমিকসকলে। শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে ধূপ-ধূনা জ্বলাই শ্ৰদ্ধা নিবেদন কৰা হয়। কণ কণ শিশুৱেও ‘মায়াবিনী’ গীত পৰিৱেশন কৰি প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰে।
জোনাইৰ উদয়পুৰ গাঁৱৰ কণমানি জেছিকা সোনোৱালেও নিজৰ ঘৰতে জুবিন গাৰ্গৰ কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। কোনো আনুষ্ঠানিক সংগীত প্ৰশিক্ষণ নোলোৱাকৈ মাতৃৰ পৰা গীত শিকা জেছিকাৰ কণ্ঠত ‘মায়াবিনী’কে ধৰি জুবিনৰ গীত শুনি আপ্লুত হয় অনুৰাগীসকল। গীতৰ মাজেৰেই কণমানিগৰাকীয়ে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে ন্যায়ৰ দাবীও প্ৰকাশ কৰে।
দেৰগাঁৱতো দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে জুবিন দিৱস। নৰেন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত কাৰ্যসূচীৰ আৰম্ভণিতে বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণেৰে উলিওৱা হয় সমদল। জুবিন গাৰ্গৰ বৃহৎ আলোকচিত্ৰ সন্মুখত লৈ অনুৰাগীসকলে দেৰগাঁও নগৰৰ মাজেৰে সমদল কৰে।
নগাঁৱতো ‘লায়ন্স ক্লাব অৱ নগাঁও ৰয়েল’ৰ উদ্যোগত পুৱাই অনুষ্ঠিত হয় ‘শ্ৰদ্ধাঞ্জলি মাৰাথন’। প্ৰায় চাৰি সহস্ৰাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা এই মাৰাথনৰ পুৰস্কাৰ আৰু প্ৰ-পত্ৰ বিতৰণ কৰা হয় নগাঁৱৰ ‘জুবিন উদ্যান’ত। অৱশ্যে অনুষ্ঠানৰ পোষ্টাৰত জুবিন গাৰ্গৰ বিকৃত ছবি ব্যৱহাৰক লৈ একাংশ প্ৰতিযোগীয়ে অসন্তুষ্টি প্ৰকাশ কৰে। বিষয়টোত উদ্যোক্তাসকলে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰি ভৱিষ্যতে এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
বজালী জিলাৰ বিলাসীপাৰাতো নৱমিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৱমিলন জাতীয় বিদ্যালয় আৰু জ্ঞানদীপ একাডেমীৰ যৌথ উদ্যোগত জুবিন গাৰ্গক সুঁৱৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সকলোৱে মিলি পৰিৱেশন কৰে জুবিন গাৰ্গৰ কালজয়ী গীত ‘মায়াবিনী’।
এনেদৰেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আজি জুবিন গাৰ্গৰ স্মৃতি আৰু সৃষ্টিৰাজিৰে মুখৰ হৈ পৰিছে ৰাজ্য। সমদলৰ পৰা মাৰাথন, বন্তি প্ৰজ্বলনৰ পৰা আবক্ষ মূৰ্তি উন্মোচন, শিশুৰ কণ্ঠৰ গীতৰ পৰা ব্যৱসায়ীৰ স্বতঃস্ফূৰ্ত বন্ধ—বিভিন্ন ৰূপত অসমবাসীয়ে সুঁৱৰিছে প্ৰাণৰ শিল্পীগৰাকীক। শাৰীৰিকভাৱে আঁতৰি যোৱাৰ এবছৰ পাছতো জুবিন গাৰ্গৰ গীত, স্মৃতি আৰু সৃষ্টিৰাজিয়ে যে অনুৰাগীৰ হৃদয়ত তেওঁৰ উপস্থিতি অটুট ৰাখিছে, আজিৰ বিভিন্ন কাৰ্যসূচীত সেই কথাই প্ৰতিফলিত হৈছে।
