জুবিনৰ গীতেৰে মুখৰিত অসমৰ আকাশ-বতাহ, প্ৰায় ৬ লাখ ছাত্ৰ-ছাত্ৰীৰ কণ্ঠত প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি

জ্ঞানৰ পোহৰেৰে জুবিনক সুঁৱৰি অসম জাতীয় বিদ্যালয়ৰ অভিনৱ প্ৰয়াস।

আজি পুৱা অসমৰ প্ৰায় ২৫খন অসম জাতীয় বিদ্যালয়ৰ প্ৰায় ৬ লাখ ছাত্ৰ-ছাত্ৰীৰ কণ্ঠত একেলগে নিগৰিল জুবিন গাৰ্গৰ গীত, মুখৰিত হৈ পৰিল অসমৰ আকাশ-বতাহ। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি কণ কণ ছাত্ৰ-ছাত্ৰীৰ এই অকৃত্ৰিম মৰম, আকুলতা আৰু শ্ৰদ্ধাৰ প্ৰকাশে আৱেগিক কৰি তুলিলে সকলোকে। অসমৰ প্ৰায় ২৫খন অসম জাতীয় বিদ্যালয়ত একে পৰিৱেশৰ সৃষ্টি কৰি জুবিন গাৰ্গক সুঁৱৰি হয় এক বিশেষ কাৰ্যসূচী।

অসমীয়া মাধ্যমত অধ্যয়ন কৰিও কলা-সংস্কৃতিৰ চৰ্চা, সৃষ্টিশীলতা আৰু জ্ঞানৰ জৰিয়তে বিশ্বজয় কৰাৰ ক্ষমতা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰে আছে। মাতৃভাষাৰ প্ৰতি সদায় গুৰুত্ব প্ৰদান কৰি অহা অসম জাতীয় বিদ্যালয়ে এইবাৰো ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মাতৃভাষাৰ শক্তি আৰু মৰ্যাদা উপলব্ধি কৰোৱাৰ প্ৰয়াস কৰিছে।

অসমীয়া ভাষা-সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত জুবিন গাৰ্গে আজীৱন চলাই গৈছিল নিৰলস প্ৰচেষ্টা। তেওঁৰ গীত, সুৰ আৰু সৃষ্টিৰ মাজেৰে অসমীয়া ভাষাই লাভ কৰিছিল এক সুকীয়া পৰিচয়। সেই একেই চেতনাৰে নৱপ্ৰজন্মৰ মাজত মাতৃভাষাৰ প্ৰতি প্ৰেম আৰু দায়বদ্ধতা জগাই তোলাৰ উদ্দেশ্যে আজি অসম জাতীয় বিদ্যালয়সমূহে গ্ৰহণ কৰিছে এই অভিনৱ পদক্ষেপ।

প্ৰায় ৬ লাখ ছাত্ৰ-ছাত্ৰীৰ কণ্ঠত ‘দিয়া ঘূৰাই দিয়া’ গীতৰ ধ্বনিৰে জুবিনৰ প্ৰতি প্ৰকাশ পোৱা মৰম আৰু শ্ৰদ্ধাই সৃষ্টি কৰিলে এক অনন্য পৰিৱেশ। কেৱল গীতেৰে নহয়, জুবিন গাৰ্গৰ জীৱন, কৰ্ম আৰু সৃষ্টিৰাজিৰ বিষয়ে আলোচনাৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীসকলক শিল্পীগৰাকীৰ সৈতে চিনাকি কৰাই দিয়া হয়।

মহানগৰীৰ নুনমাটি অসম জাতীয় বিদ্যালয়ত উপস্থিত থাকি এই বিশেষ কাৰ্যসূচীৰ অংশীদাৰ হয় গৰিমা শইকীয়া গাৰ্গ। ছাত্ৰ-ছাত্ৰীৰ লগতে জ্যেষ্ঠ অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলকো এই উদ্যোগৰ বাবে ধন্যবাদ জ্ঞাপন কৰে তেওঁ।

জুবিন গাৰ্গৰ প্ৰতি অসমীয়া জাতিৰ মৰম আৰু শ্ৰদ্ধাৰ এই প্ৰকাশে আকৌ এবাৰ প্ৰমাণ কৰিলে—শিল্পী এগৰাকী কেৱল তেওঁৰ সৃষ্টিৰ মাজতেই নহয়, নতুন প্ৰজন্মৰ হৃদয়তো জীয়াই থাকে। আজি অসমৰ বিভিন্ন প্ৰান্তত একেলগে গুঞ্জৰিত হোৱা জুবিনৰ গীতে যেন কঢ়িয়াই আনিলে একেই বাৰ্তা—মাতৃভাষা, সংগীত আৰু সৃষ্টিৰ মাজেৰে প্ৰাণৰ শিল্পীগৰাকী সদায় জীয়াই থাকিব অসমীয়াৰ বুকুত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ঈশ্বৰপুত্ৰৰ আজি প্ৰথম পূণ্যতিথি; শ্ৰদ্ধাত নত অসম, সুৰত সজীৱ স্মৃতি

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম পূণ্যতিথি। জুবিন গাৰ্গৰ...

১৯ ছেপ্টেম্বৰ দিনটো ‘জুবিন দিৱস’ হিচাপে ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ পত্ৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ১৯ ছেপ্টেম্বৰ তাৰিখটো ‘জুবিন...