১৯ ছেপ্টেম্বৰ দিনটো ‘জুবিন দিৱস’ হিচাপে ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ পত্ৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ১৯ ছেপ্টেম্বৰ তাৰিখটো ‘জুবিন দিৱস’ হিচাপে ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

পত্ৰখনত জুবিন গাৰ্গক অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী বিশিষ্ট শিল্পী হিচাপে অভিহিত কৰি তেওঁৰ অৱদানৰ কথা উল্লেখ কৰিছে অখিল গগৈয়ে।

বিধায়কগৰাকীয়ে উল্লেখ কৰে যে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে জুবিন গাৰ্গেও আধুনিক অসমীয়া সংগীত, সংস্কৃতি আৰু সমাজ জীৱনত বিশেষ অৱদান আগবঢ়াইছিল।

পত্ৰখনত জুবিন গাৰ্গৰ সংগীতৰ লগতে তেওঁৰ সামাজিক আৰু সাংস্কৃতিক ভূমিকা তথা অসমীয়া জাতিৰ প্ৰতি থকা অৱদানৰ কথাও উল্লেখ কৰা হৈছে।

১৯ ছেপ্টেম্বৰ তাৰিখটো ‘জুবিন দিৱস’ হিচাপে ঘোষণা কৰি শিল্পীগৰাকীৰ স্মৃতি আৰু অৱদানক চৰকাৰীভাৱে সন্মান জনোৱাৰ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰিৱেশক শ্ৰদ্ধা কৰিহে সম্ভৱ মানুহৰ বিকাশ: জাপানৰ অধ্যাপক ট’ৰু টাৰাও

মানুহৰ বিকাশ আৰু পৰিৱেশৰ ভাৰসাম্য একেলগে আগবাঢ়িব লাগিব। পৰিৱেশক...

ঘাতক ঘনকান্তৰ পত্নী জোনমণি গগৈৰ ডাঙৰ খবৰ

জোনমণি গগৈক গুৱাহাটীলৈ নানে SITয়ে। ঘাতক ঘনকান্তৰ পত্নীক জিম্মাত...

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল বিক্ৰীত অনুমোদন ট্ৰাম্প প্ৰশাসনৰ

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল...

ভাৰত-ব্ৰাজিলৰ বাণিজ্য ২০ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য, প্ৰতিৰক্ষা আৰু AI খণ্ডতো সহযোগিতা

ভাৰত আৰু ব্ৰাজিলৰ মাজত ক্ৰমাৎ শক্তিশালী হৈছে কৌশলগত আৰু...