১৯ ছেপ্টেম্বৰ দিনটো ‘জুবিন দিৱস’ হিচাপে ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ পত্ৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ১৯ ছেপ্টেম্বৰ তাৰিখটো ‘জুবিন দিৱস’ হিচাপে ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

পত্ৰখনত জুবিন গাৰ্গক অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী বিশিষ্ট শিল্পী হিচাপে অভিহিত কৰি তেওঁৰ অৱদানৰ কথা উল্লেখ কৰিছে অখিল গগৈয়ে।

বিধায়কগৰাকীয়ে উল্লেখ কৰে যে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে জুবিন গাৰ্গেও আধুনিক অসমীয়া সংগীত, সংস্কৃতি আৰু সমাজ জীৱনত বিশেষ অৱদান আগবঢ়াইছিল।

পত্ৰখনত জুবিন গাৰ্গৰ সংগীতৰ লগতে তেওঁৰ সামাজিক আৰু সাংস্কৃতিক ভূমিকা তথা অসমীয়া জাতিৰ প্ৰতি থকা অৱদানৰ কথাও উল্লেখ কৰা হৈছে।

১৯ ছেপ্টেম্বৰ তাৰিখটো ‘জুবিন দিৱস’ হিচাপে ঘোষণা কৰি শিল্পীগৰাকীৰ স্মৃতি আৰু অৱদানক চৰকাৰীভাৱে সন্মান জনোৱাৰ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...