আৰব সাগৰত ভাৰত-পাকিস্তানৰ যুদ্ধ জাহাজৰ সংঘৰ্ষ! পাকিস্তানৰ অভিযোগ খাৰিজ ভাৰতৰ

আৰব সাগৰত ভাৰতীয় আৰু পাকিস্তানী নৌসেনাৰ যুদ্ধ জাহাজৰ সংঘৰ্ষক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত তীব্ৰ বাকযুদ্ধ আৰম্ভ। পাকিস্তানৰ অভিযোগ পোনপটীয়াকৈ খাৰিজ কৰি ভাৰতৰ স্পষ্ট মন্তব্য—পাকিস্তানী জাহাজৰ ‘অগ্ৰহণযোগ্য আৰু অপেছাদাৰী’ চলাচলেই সংঘৰ্ষৰ মূল কাৰণ।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে শুকুৰবাৰে কয় যে, পাকিস্তানৰ অভিযোগ আৰু ইংগিতসমূহ ভাৰতে নাকচ কৰিছে। তেওঁৰ মতে, ভাৰতীয় যুদ্ধ জাহাজ INS Kolkata-ই পশ্চিম আৰব সাগৰত নিয়মীয়া নিৰীক্ষণ অভিযান চলাই থকাৰ সময়তে পাকিস্তানী নৌসেনাৰ জাহাজ PNS Hunain-এ বিপজ্জনকভাৱে অতিক্ৰম কৰাৰ চেষ্টা কৰে।

ভাৰতীয় পক্ষৰ ভাষ্য অনুসৰি, মঙলবাৰে নিশা উত্তৰ আৰব সাগৰত সংঘটিত হৈছিল এই ঘটনা। PNS Hunain-ৰ এই অপেছাদাৰী চালনাই ১৯৯১ চনৰ ভাৰত-পাকিস্তানৰ সামৰিক অনুশীলন, কুচকাৱাজ আৰু সৈন্যৰ চলাচলৰ আগতীয়া জাননী সম্পৰ্কীয় চুক্তিৰ ১০ নং অনুচ্ছেদ উলংঘা কৰাৰ লগতে সাগৰত সংঘৰ্ষ প্ৰতিৰোধৰ আন্তঃৰাষ্ট্ৰীয় নিয়মো ভংগ কৰিছে বুলি অভিযোগ কৰে ভাৰতে।

ইফালে, পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে দাবী কৰিছিল যে পাকিস্তানৰ একচেটিয়া অৰ্থনৈতিক অঞ্চলত (EEZ) ভাৰতীয় জাহাজৰ ‘উচটনিমূলক আৰু অগ্ৰহণযোগ্য’ কাৰ্যকলাপৰ ফলতে এই সংঘৰ্ষ সংঘটিত হয়।

উল্লেখ্য যে, এই ঘটনাক লৈ ভাৰতে বুধবাৰে নতুন দিল্লীত থকা পাকিস্তানৰ চাৰ্জ দ্য’এফেয়াৰ্ছক তলব কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ভাৰতে পুনৰ পাকিস্তানক সামৰিক জাহাজসমূহৰ ক্ষেত্ৰত সতৰ্কতা আৰু সংশ্লিষ্ট চুক্তিসমূহৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ পৰামৰ্শ দিছে।

ভাৰতৰ মতে, সংঘৰ্ষৰ ফলত INS Kolkata-ৰ কোনো বৃহৎ ক্ষতি হোৱা নাই আৰু যুদ্ধজাহাজখন সাগৰতে কৰ্তব্যৰত হৈ আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ঈশ্বৰপুত্ৰৰ আজি প্ৰথম পূণ্যতিথি; শ্ৰদ্ধাত নত অসম, সুৰত সজীৱ স্মৃতি

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম পূণ্যতিথি। জুবিন গাৰ্গৰ...

জুবিনৰ গীতেৰে মুখৰিত অসমৰ আকাশ-বতাহ, প্ৰায় ৬ লাখ ছাত্ৰ-ছাত্ৰীৰ কণ্ঠত প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি

জ্ঞানৰ পোহৰেৰে জুবিনক সুঁৱৰি অসম জাতীয় বিদ্যালয়ৰ অভিনৱ প্ৰয়াস। আজি...