সশস্ত্ৰ বাহিনীৰ বীৰত্ব পদকপ্ৰাপকসকলৰ বাবে বিশেষ সুবিধা ঘোষণা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ। সেনা পদক, নৌসেনা পদক আৰু বায়ুসেনা পদকপ্ৰাপকসকলে এতিয়াৰে পৰা ভাৰতীয় ৰে’লৱেত আজীৱন বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণীৰ এচি (2nd AC) আৰু এচি চেয়াৰ কাৰত এই সুবিধা লাভ কৰিব পদকপ্ৰাপকসকলে। লগতে এগৰাকী সংগীৰ সৈতে যাত্ৰাৰো সুবিধা প্ৰদান কৰা হ’ব।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে চলিত বৰ্ষৰ মাৰ্চ মাহতে এই সিদ্ধান্তত অনুমোদন জনাইছিল। ইয়াৰ পিছতে চলিত সপ্তাহত সেনা সদৰ কাৰ্যালয়ে সুবিধাটো কাৰ্যকৰী কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰে। এই আঁচনিৰ সম্পূৰ্ণ ব্যয় বহন কৰিব প্ৰতিৰক্ষা মন্ত্ৰালয়ে।
উল্লেখযোগ্য যে ১৯৮৯ চনৰ পৰাই ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক (বীৰত্ব) আৰু আৰক্ষী পদক (বীৰত্ব) প্ৰাপকসকলে ৰে’লযাত্ৰাৰ বিশেষ সুবিধা লাভ কৰি আহিছিল। কিন্তু সশস্ত্ৰ বাহিনীৰ বীৰত্ব পদকপ্ৰাপকসকলৰ ক্ষেত্ৰত একে সুবিধা উপলব্ধ নাছিল। শেহতীয়া সিদ্ধান্তৰ জৰিয়তে এই দীৰ্ঘদিনীয়া বৈষম্যৰ অৱসান ঘটিল।
নতুন ব্যৱস্থা অনুসৰি, পদকপ্ৰাপকসকলৰ জীৱনসংগী, পুনৰ বিবাহ নকৰা বিধৱা পত্নীয়েও এই সুবিধা লাভ কৰিব। তদুপৰি, কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা অবিবাহিত পদকপ্ৰাপকৰ পিতৃ-মাতৃয়েও এই সুবিধাৰ অন্তৰ্ভুক্ত হ’ব।
উল্লেখ্য যে ২০১৩ চনতে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৰে’ল মন্ত্ৰালয়ক সশস্ত্ৰ বাহিনীৰ বীৰত্ব পদকপ্ৰাপকসকলক এই সুবিধাৰ অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনাইছিল। বিষয়টো ২০১৫ চনত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়তো উত্থাপন হৈছিল। অৱশেষত দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ অন্তত দুয়োটা মন্ত্ৰালয়ে এই বিষয়ত সহমতত উপনীত হয়।
