১৯৯৫ চনৰ এটা ঘটনা…মটৰচাইকেল এখন পাৰ্চেল কৰিবলৈ লৈছিল ১০০ টকাৰ উৎকোচ। তাৰ পৰিণতি ভুগিবলগীয়া হ’ল সুদীৰ্ঘ ৩১ বছৰ পিছত

এটা সৰু অংকৰ উৎকোচ! মাত্ৰ ১০০ টকা… কিন্তু তাৰ পৰিণতি ভুগিবলগীয়া হ’ল সুদীৰ্ঘ ৩১ বছৰ পিছত। জীৱনৰ ৭৫টা বসন্ত গৰকা এজন বৃদ্ধই এতিয়া কটাব লাগিব কাৰাগাৰত এবছৰ! ১৯৯৫ চনৰ এটা ঘটনা। মটৰচাইকেল এখন পাৰ্চেলযোগে পঠিয়াবলৈ গৈছিল এজন লোক। অভিযোগ অনুসৰি, সেই কামৰ বিনিময়ত বিচৰা হৈছিল ১০০ টকাৰ উৎকোচ। তাৰ পিছতে আৰম্ভ হৈছিল আইনী যুঁজ, যাৰ অন্ত পৰিল প্ৰায় ৩১ বছৰৰ মূৰত।

এই ঘটনা সংঘটিত হৈছিল ঝাৰখণ্ডৰ ৰাঁচীৰ হাটিয়া ৰে’ল ষ্টেচনত। সেই সময়ত ষ্টেচনটোত পাৰ্চেল ক্লাৰ্ক হিচাপে কৰ্মৰত আছিল কালী শংকৰ ধোবি। অভিযোগ অনুসৰি, নিৰ্মল কুমাৰ বেগানীয়ে নিজৰ মটৰচাইকেলখন বিহাৰৰ সমষ্টিপুৰলৈ পঠিয়াব বিচৰাৰ সময়ত ধোবিয়ে ১০০ টকাৰ উৎকোচ দাবী কৰিছিল। ইয়াৰ পিছতে চিবিআইক অৱগত কৰে অভিযোগকাৰীয়ে। অভিযোগৰ সত্যতা পৰীক্ষা কৰি চিবিআয়ে পাতে জাল। ১৯৯৫ চনৰ ২৭ এপ্ৰিলত উৎকোচৰ ধন গ্ৰহণ কৰি থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰা হয় কালী শংকৰ ধোবিক। এই গোচৰত ২০০৪ চনত বিশেষ আদালতে ধোবিক দোষী সাব্যস্ত কৰি কাৰাদণ্ডৰ লগতে জৰিমনা বিহিছিল। কিন্তু ৰায়ৰ বিৰুদ্ধে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ধোবি। তাৰ পিছত উচ্চ ন্যায়ালয়তো চলিছিল দীৰ্ঘদিনীয়া আইনী যুঁজ।অৱশেষত বৃহস্পতিবাৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে বাহাল ৰাখিলে তেওঁৰ দোষী সাব্যস্তকৰণ। অৱশ্যে গোচৰটোৰ দীঘলীয়া সময়সীমা, ধোবিৰ ৭৫ বছৰ বয়স আৰু অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি আদালতে হ্ৰাস কৰিলে কাৰাদণ্ডৰ ম্যাদ। দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭নং ধাৰাত এবছৰৰ কাৰাদণ্ড কমাই ছমাহ কৰা হৈছে। আনহাতে, ১৩(২) ধাৰাত ডেৰ বছৰৰ কাৰাদণ্ড হ্ৰাস কৰি এবছৰ কৰা হৈছে। দুয়োটা কাৰাদণ্ড একেলগে চলিব।

অৰ্থাৎ, এতিয়া সৰ্বাধিক এবছৰ কাৰাগাৰত কটাব লাগিব ৭৫ বছৰীয়া কালী শংকৰ ধোবিয়ে। আদালতে তেওঁৰ জামিনো বাতিল কৰি দুমাহৰ ভিতৰত আত্মসমৰ্পণৰ নিৰ্দেশ দিছে।
৩১ বছৰ পূৰ্বৰ ১০০ টকাৰ উৎকোচৰ গোচৰে অৱশেষত পালে আইনী পৰিণতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ঈশ্বৰপুত্ৰৰ আজি প্ৰথম পূণ্যতিথি; শ্ৰদ্ধাত নত অসম, সুৰত সজীৱ স্মৃতি

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম পূণ্যতিথি। জুবিন গাৰ্গৰ...

জুবিনৰ গীতেৰে মুখৰিত অসমৰ আকাশ-বতাহ, প্ৰায় ৬ লাখ ছাত্ৰ-ছাত্ৰীৰ কণ্ঠত প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি

জ্ঞানৰ পোহৰেৰে জুবিনক সুঁৱৰি অসম জাতীয় বিদ্যালয়ৰ অভিনৱ প্ৰয়াস। আজি...