ছেমিকণ্ডাক্টৰ খণ্ডত ভাৰতৰ নতুন দিগন্ত; নতুন দিল্লীত SEMICON India 2026 সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মদিনৰ দিনাই নতুন দিল্লীৰ যশোভূমিত উদ্বোধন কৰে SEMICON India 2026। তিনিদিনীয়া এই সন্মিলনৰ মূল লক্ষ্য হৈছে ভাৰতত ছেমিকণ্ডাক্টৰ খণ্ডত সহযোগিতা, বিনিয়োগ, উদ্ভাৱন আৰু প্ৰতিভা বিকাশক অধিক আগুৱাই নিয়া।

উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এফালে ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু আনফালে বিশ্বজুৰি ভাৰতৰ ওপৰত আস্থাও বৃদ্ধি পাইছে। তেওঁ কয়, প্ৰতিকূল বিশ্ব পৰিস্থিতিৰ মাজতো ভাৰতে ৭.৮ শতাংশ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ অৰ্জন কৰিছে। একে সময়তে জাপানৰ ক্ৰেডিট ৰেটিং সংস্থাই ভাৰতৰ সাৰ্বভৌম ক্ৰেডিট ৰেটিং উন্নীত কৰাৰ কথাও তেওঁ উল্লেখ কৰে।

মোদীয়ে কয় যে দেশৰ প্ৰতিগৰাকী নাগৰিকে ‘বিকশিত ভাৰত’ গঢ়াৰ সংকল্পৰে কাম কৰি আছে। ভাৰতৰ ছেমিকণ্ডাক্টৰ পৰিৱেশতন্ত্ৰ দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে আৰু ইয়াৰ ফলত উদ্ভাৱন, বিনিয়োগ আৰু অৰ্থনৈতিক বৃদ্ধিৰ নতুন সুযোগ মুকলি হৈছে বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ছেমিকণ্ডাক্টৰ উদ্যোগৰ বাবে ভাৰতক এক পছন্দৰ গন্তব্যস্থান হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁৰ মতে, বিশ্বই এতিয়া নতুন আৰু বিশ্বাসযোগ্য উৎপাদন কেন্দ্ৰ বিচাৰিছে। ভাৰতত নিৰ্মিত চিপ এতিয়া দেশৰ বজাৰৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্ততো উপলব্ধ হৈছে।

তেওঁ লগতে কয় যে শেহতীয়াকৈ মোহালী আৰু ছুৰাটত দুটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত বাণিজ্যিক উৎপাদন আৰম্ভ হৈছে। কোনো এখন দেশৰ বাবেই এই পৰ্যায়ত উপনীত হোৱা সহজ নহয় বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

মোদীয়ে জনায় যে India Semiconductor Mission 2.0-ৰ বাবে নিৰ্ধাৰিত ব্যয় প্ৰথম পৰ্যায়ৰ ৮ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা বৃদ্ধি কৰি ১৩.৫ বিলিয়ন মাৰ্কিন ডলাৰ কৰা হৈছে। তেওঁ কয় যে এতিয়ালৈকে ১২টা চিপ নিৰ্মাণ প্ৰকল্পত অনুমোদন দিয়া হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত এই সংখ্যা আৰু বৃদ্ধি পাব।

ভাষণত প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত শেহতীয়াকৈ অনুষ্ঠিত BRICS সন্মিলনৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে সফলতাৰে অনুষ্ঠিত কৰা এই সন্মিলনত সকলো সদস্য দেশৰ সন্মতিত ‘নতুন দিল্লী ঘোষণা’ গ্ৰহণ কৰা হৈছিল। তেওঁৰ মতে, এয়া বিশ্বৰ ভাৰতৰ ওপৰত বৃদ্ধি পোৱা আস্থাৰ আন এক উল্লেখযোগ্য প্ৰমাণ।

অনুষ্ঠানত কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কেইবা দশক ধৰি ভাৰতে ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ লক্ষ্য লৈ আহিছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতহে এই লক্ষ্য বাস্তৱায়িত কৰাৰ দিশত উল্লেখযোগ্য অগ্ৰগতি সম্ভৱ হৈছে।

তেওঁ কয় যে ছেমিকণ্ডাক্টৰ উদ্যোগৰ ভেটি এতিয়া স্থাপন কৰা হৈছে আৰু Semicon 2.0-ৰ জৰিয়তে এই উদ্যোগক অধিক শক্তিশালী কৰাৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই অভিযানৰ ছটা গুৰুত্বপূৰ্ণ স্তম্ভ হৈছে—ছেমিকণ্ডাক্টৰ ডিজাইন, যন্ত্ৰপাতি আৰু সামগ্ৰী, মেম’ৰী, ছিলিকন, কম্পাউণ্ড আৰু লজিক ফেব্ৰিকেচন ইউনিট তথা গৱেষণা আৰু উন্নয়ন।

বৈষ্ণৱে লগতে কয় যে ছেমিকণ্ডাক্টৰ খণ্ডৰ বিভিন্ন প্ৰয়োজনীয়তাৰ বাবে ভাৰততে চিপ ডিজাইন কৰিবলৈ কমেও ২০০টা ষ্টাৰ্টআপ আৰু কোম্পানীক সহায় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে।

ইফালে, ‘Silicon to Systems: Building the Ecosystem’ শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত SEMICON India 2026-ত ৬০০ৰো অধিক প্ৰদৰ্শক, ৩০০টা আন্তঃৰাষ্ট্ৰীয় কোম্পানী আৰু ৫০খনতকৈ অধিক দেশৰ প্ৰতিনিধি দল অংশগ্ৰহণ কৰিছে।

এই প্ৰদৰ্শনীত জাপান, দক্ষিণ কোৰিয়া, মালয়েছিয়া, নেদাৰলেণ্ডছ, ছিংগাপুৰ আৰু ছুইডেনক প্ৰতিনিধিত্ব কৰা ছখন দেশৰ পেভিলিয়নৰ লগতে ১২টা ৰাজ্য চৰকাৰৰ পেভিলিয়ন আৰু এটা বিশেষ ষ্টাৰ্টআপ পেভিলিয়ন স্থাপন কৰা হৈছে।

তিনিদিনীয়া এই সন্মিলনত ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিকছৰ সৈতে জড়িত ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানী, নীতি-নিৰ্ধাৰক, বিনিয়োগকাৰী, গৱেষক, ষ্টাৰ্টআপ, শিক্ষানুষ্ঠান আৰু ছাত্ৰ-ছাত্ৰীসকল একত্ৰিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘আপোনাৰ সুস্বাস্থ্য, শক্তি আৰু সফলতা কামনা কৰিছোঁ’ — মোদীক জন্মদিনৰ শুভেচ্ছা মেল’নিৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৬সংখ্যক জন্মদিন উপলক্ষে ইটালীৰ প্ৰধানমন্ত্ৰী...

ৰাষ্ট্ৰপতিৰ ADC হিচাপে নিযুক্ত প্ৰথমগৰাকী মহিলা সেনা বিষয়া মেজৰ নব্যা শেখাৱাট

ভাৰতীয় সেনাৰ মেজৰ নব্যা শেখাৱাটে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি...

ভাৰতত পুনৰ প্ৰৱৰ্তনৰ চাৰি বছৰত চিতা বাঘৰ সংখ্যা ৫২টালৈ বৃদ্ধি

ভাৰতত চিতা বাঘ পুনৰ প্ৰৱৰ্তন কাৰ্যসূচীৰ চাৰি বছৰ সম্পূৰ্ণ...