ৰাছিয়াৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা আৰোপৰ বিধেয়ক গৃহীত কৰিলে আমেৰিকাৰ প্ৰতিনিধি সভাই। ২৬২-১৫৯ ভোটত গৃহীত হোৱা এই বিধেয়কৰ জৰিয়তে ৰাছিয়াৰ পৰা তেল আৰু গেছ ক্ৰয় কৰা শীৰ্ষ পাঁচখন দেশৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰাৰ ক্ষমতা লাভ কৰিব ড’নাল্ড ট্ৰাম্প প্ৰশাসনে।
‘Lindsey O. Graham Sanctioning Russia and Iran Act of 2026’ নামেৰে পৰিচিত বিধেয়কখনৰ সম্ভাব্য লক্ষ্যৰ তালিকাত ভাৰতৰ লগতে চীন, শ্লোভাকিয়া, হাংগেৰী আৰু আজাৰবাইজানৰ নামো আছে।
ইতিমধ্যে আমেৰিকাৰ ছিনেটতো বিধেয়কখন বৃহৎ ব্যৱধানত গৃহীত হৈছে। সেয়ে এতিয়া ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অনুমোদনৰ বাবে বিধেয়কখন হোৱাইট হাউছলৈ যোৱাৰ পথ প্ৰশস্ত হৈছে।
অৱশ্যে বিধেয়কখনে ৰাছিয়াৰ পৰা তেল-গেছ ক্ৰয় কৰা দেশসমূহৰ ওপৰত ট্ৰাম্পে বাধ্যতামূলকভাৱে শুল্ক আৰোপ কৰিব লাগিব বুলি কোৱা হোৱা নাই। ৰাষ্ট্ৰপতিক এনে শুল্ক আৰোপৰ ক্ষমতা প্ৰদান কৰাহে ইয়াৰ অন্যতম মূল উদ্দেশ্য। একাংশ ইউৰোপীয় মিত্ৰ দেশৰ বাবে বিধেয়কখনত ৰেহাইৰ ব্যৱস্থাও ৰখা হৈছে।
এই বিধেয়কক লৈ আমেৰিকাৰ ৰাজনীতিতো মতভেদ দেখা গৈছিল। ৰিপাব্লিকান আৰু ডেম’ক্ৰেটিক দলৰ একাংশ সদস্যই ৰাষ্ট্ৰপতিক অধিক শুল্ক ক্ষমতা প্ৰদানক লৈ আপত্তি কৰিছিল। অৱশেষত মঙলবাৰে ২১৪-২১১ ভোটত চূড়ান্ত ভোটদানৰ পথ মুকলি হোৱাৰ পাছত বুধবাৰে বিধেয়কখন গৃহীত হয়।
ছিনেটৰ জিন শ্বাহিনে বিধেয়কখন গৃহীত হোৱাক আদৰণি জনাই কয় যে United States Congress এ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে।
ইফালে, বিধেয়কখনক লৈ ভাৰতে সাৱধানতাৰ স্থিতি গ্ৰহণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ভাৰতৰ শক্তি ক্ৰয়ৰ সিদ্ধান্ত দেশৰ “ৰাষ্ট্ৰীয় স্বাৰ্থৰ” ওপৰত ভিত্তি কৰি লোৱা হয়।
ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ক লৈ আমেৰিকাৰ সৈতে উত্তেজনা চলি থকাৰ সময়তে নতুন এই বিধেয়কে দুয়োখন দেশৰ বাণিজ্যিক সম্পৰ্কত নতুন চাপ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা দিছে।
