কমিউনিটি হেল্থ অফিচাৰৰ বাবে ৮২২টা পদৰ দিছিল বিজ্ঞাপন। ২০২৫ৰ ১৯ জুলাইত NHM-এ দিছিল এই বিজ্ঞাপন। হাজাৰ হাজাৰ আবেদনকাৰীৰ মাজৰ পৰা বাচনি কৰিছিল ১৫০০ প্ৰাৰ্থী। ১৫০০ প্ৰাৰ্থীৰ মাজত অনুষ্ঠিত কৰিছিল দক্ষতা পৰীক্ষা আৰু সাক্ষাৎকাৰ। ২৫ৰ ১৪-১৭ অক্টোবৰলৈ অনুষ্ঠিত হৈছিল সাক্ষাৎকাৰ। ফলাফলৰ অপেক্ষাত আছিল সাক্ষাৎকাৰ দিয়া চাকৰি প্ৰত্যাশী। কিন্তু অজ্ঞাত কাৰণত CHO নিযুক্তি বাতিল NHM-ৰ। মিছন সঞ্চালক লক্ষ্মনন এছে বাতিল কৰে নিযুক্তি প্ৰক্ৰিয়া। CHO নিযুক্তি প্ৰক্ৰিয়া বাতিলৰ লগে লগে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।
